অসম

assam

ETV Bharat / state

অসমত লেহেম গতিত চলিছে কেন্দ্ৰীয় ৬৪টা প্ৰকল্পৰ নিৰ্মাণ কাম, অতিৰিক্ত ব্যয় ৯৭৩৩ কোটি টকালৈ বৃদ্ধি

বৰ্তমান ৰাজ্যত মুঠ ৬৪টা কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্প চলি আছে ৷ প্ৰতিটো প্ৰকল্পৰ বাবে ১৫০ কোটিতকৈও অধিক ব্যয় কৰা হৈছে ।

CENTRAL PROJECTS IN ASSAM
অসমত লেহেম গতিত চলিছে কেন্দ্ৰীয় ৬৪টা প্ৰকল্পৰ নিৰ্মাণ কাম (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 5 hours ago

গুৱাহাটী: কামৰ গতি অতি লেহেম হোৱাৰ বাবে অসমত কেন্দ্ৰীয় বহুকেইটা প্ৰকল্পৰ নিৰ্মাণ ব্যয় বহু পৰিমাণে বৃদ্ধি পাইছে । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ-নিৰীক্ষণ মন্ত্রালয়ে যোৱা ছেপ্টেম্বৰ মাহলৈকে কেন্দ্ৰীয় প্রকল্পসমূহৰ পর্যালোচনা কৰি প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি অসমত ১৫০ কোটি টকাৰ অধিক ব্যয়ৰ ৬৪ টা প্ৰকল্প চলি আছে । এই প্রকল্পসমূহৰ বাবে ধাৰ্য কৰা ধনৰ পৰিমাণ আছিল প্ৰায় ৬৬,০০৯ কোটি টকা ।

অতি লেহেম গতিত প্রকল্পসমূহৰ ৰূপায়ণৰ কাম চলি থকাৰ ফলত এতিয়া উক্ত প্রকল্পসমূহৰ নিৰ্মাণ ব্যয় বৃদ্ধি পাই হৈছেগৈ ৭৫,৭৪১.২১ কোটি টকা । অর্থাৎ একমাত্র নির্দিষ্ট সময়ত ৰূপায়ণ কৰিব নোৱৰাৰ বাবেই প্রকল্পসমূহৰ বাবত এতিয়া অতিৰিক্ত ব্যয় হ'ব প্ৰায় ৯৪৩৩ কোটি টকা । আনহাতে উক্ত প্রকল্পসমূহৰ বাবত এতিয়ালৈকে ব্যয় হৈছে ৪১৮৪১.২২ কোটি টকা ।

অসমত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্প (ETV Bharat Assam)

লক্ষণীয় বিষয় যে অসমত প্ৰতি বছৰে লেহেম গতিত ৰূপায়ণ কাৰ্য চলি থকা কেন্দ্ৰীয় বৃহৎ প্ৰকল্পৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে । বিগত জানুৱাৰী মাহলৈকে ৰাজ্যখনত ১৫০ কোটি টকাৰ অধিক ব্যয়ৰ মুঠ ৫৭ টা প্রকল্পৰ কাম চলি আছিল । কিন্তু এতিয়া এনে প্ৰকল্পৰ সংখ্যা ৬৪ টালৈ বৃদ্ধি পাইছে । কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ নতুন টার্মিনেল নির্মাণ নিৰ্ধাৰিত সময়তকৈ প্ৰায় চাৰি বছৰ পিছুৱাই গৈছে ।

অসমত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্প (ETV Bharat Assam)

উক্ত প্ৰকল্পটো বিগত ২০২১ মাৰ্চৰ ভিতৰত শেষ কৰাৰ লক্ষ্য হাতত লোৱা হৈছিল যদিও এই সময়সীমা এতিয়া ২০২৫ চনৰ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে । ইফালে প্রকল্প ব্যয় ১১৪২ কোটি টকাৰ পৰা ২৩৩৩ কোটি টকালৈ বৃদ্ধি পাইছে । প্ৰকল্পটোৰ অগ্ৰগতি হৈছে ৬৬.৩৪ শতাংশ । আনহাতে উত্তৰ গুৱাহাটীৰ চাংসাৰিত নিৰ্মাণ কৰা এইমছৰ কাম বিগত ২০২১ চনৰ মে’ত শেষ হ'ব লাগিছিল । কিন্তু এই সময়সীমা কেইবাবাৰো বৃদ্ধি কৰা হ'ল যদিও আজিও এইমছৰ আন্তঃগাঁথনিৰ কাম সমাপ্ত হোৱা নাই ।

অসমত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্প (ETV Bharat Assam)

আনুষ্ঠানিকভাৱে এইমছ আৰম্ভ কৰা হৈছে যদিও এতিয়ালৈকে উক্ত প্ৰকল্পটোৰ কাম এশ শতাংশ সম্পূৰ্ণ হোৱা নাই । সেইদৰে গুৱাহাটী শোধনাগাৰৰ শোধন ক্ষমতা বছৰি এক নিযুত মেট্রিক টনৰ পৰা ১.২ নিযুত মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ প্ৰকল্প লোৱা হৈছিল । প্ৰথমতে এই কাম ২০২৩ চনৰ অক্টোবৰৰ ভিতৰত শেষ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু পৰৱৰ্তী সময়ত সময়সীমা ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী ধাৰ্য কৰা হৈছে । যাৰ ফলত প্রকল্প ব্যয় ৪১২ কোটি টকাৰ পৰা প্ৰায় ৫১০ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

অসমত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্প (ETV Bharat Assam)

তদুপৰি উজনিৰ ফ'ৰলেনৰ লগতে আন বহুকেইটা ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ সময়সীমা মাহৰ পাছত মাহ পিছুৱাই দিবলগীয়া হৈছে । যাৰ ফলত প্ৰতিটো প্ৰকল্পৰে বাজেট বৃদ্ধি পাইছে । ইফালে এনেদৰে বাজেট বৃদ্ধি পোৱাৰ ফলত কেন্দ্ৰীয় চৰকাৰে প্রকল্পসমূহৰ বাবে ধন আবণ্টনতো হেমাহি কৰাত আন এক সমস্যাই দেখা দিয়ে । চৰকাৰৰ এনে গাফিলতিৰ বাবেই ৰাজহুৱা ধনৰ অপচয় হোৱাৰ উপৰি ৰাইজে সমস্যাৰ সন্মুখীনো হ'বলগীয়া হৈছে ।

লগতে পঢ়ক:কেন্দ্ৰীয় মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ কৰি কি আলোচনা কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

...view details