লখিমপুৰ, ১৬ জুন: সুনীল গগৈও নাই, জাহাংগীৰ হুছেইনো নাই ! ক্ৰমাৎ ৰহস্যৰ মেৰপেচত সোমাই পৰিছে ৰাজ্য কঁপোৱা সুনীল গগৈৰ হত্যাকাণ্ড । লখিমপুৰৰ ঢকুৱাখনা সাপতীয়াৰ সুনীল গগৈৰ ৰহস্যজনক হত্যাকাণ্ডৰ এপষেক উকলি গ’ল । এপষেকতো সন্ধান নোলাল হত্যাৰ বলি হোৱা সুনীল গগৈৰ ছিন্ন মুণ্ড আৰু হত্যাকাৰীৰ ৷ DNA পৰীক্ষাৰ ফলাফলো এতিয়ালৈকে অহা নাই ।
সুনীল গগৈৰ হত্যাকাণ্ড (ETV Bharat Assam) যোৱা এক জুনৰ নিশা সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ডটো । সুনীল গগৈৰ ঘৰৰ কিছু নিলগতে হত্যা কৰি মৃতদেহটো জ্বলাই দিয়াৰ লগতে মুণ্ডটো অচিনাক্ত হত্যাকাৰীয়ে কাটি লৈ গৈছিল । যাৰ আজিও সন্ধান ওলোৱা নাই । ইয়াকে লৈ এতিয়া গভীৰ চিন্তাত পৰিছে সুনীল গগৈৰ পৰিয়াল ।
অসম আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াই এই পৰ্যন্ত বিশেষ একো পোহৰলৈ আনিব পৰা নাই । দিন যিমানেই বাগৰিছে সিমানেই ঘটনাটোৰ মেৰপেচ বাঢ়ি গৈছে । ঘটনাস্থলীত উদ্ধাৰ হোৱা অৰ্ধদগ্ধ মৃতদেহটো প্ৰকৃততে সুনীল গগৈৰ হয় নে নহয় ? তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে । কিয়নো হত্যাকাণ্ডৰ আগদিনাৰে পৰা নিখোঁজ হৈ আছে সুনীল গগৈৰ ঘৰৰ চৌহদতে থকা জাহাংগীৰ হুছেইন নামৰ লোকজন ।
লগতে পঢ়ক:ডি এন এ ৰিপ’ৰ্টতহে ধৰা পৰিব অৱশিষ্টখিনি কাৰ ! ঢকুৱাখনাৰ সুনীল গগৈৰ হত্যা সন্দৰ্ভত ডিজিপিৰ প্ৰতিক্ৰিয়া - DHAKUAKHANA MURDER CASE
বিগত প্ৰায় এবছৰ ধৰি ধুবুৰীৰ জাহাংগীৰ হুছেইন আহি সুনীল গগৈৰ ঘৰৰ চৌহদতে থাকি জলজীৱন মিছনৰ কাম কৰি আছিল । সুনীল গগৈৰ হত্যাৰ আগদিনা অৰ্থাৎ ৩০ মে’ৰ দুপৰীয়াৰ পৰাই জাহাংগীৰ নিখোঁজ হৈ আছে । সুনীল গগৈৰ পত্নীয়ে উল্লেখ কৰা মতে, ৩০ মে’ৰ দুপৰীয়া ১২ মান বজাৰ পৰাই জাহাংগীৰ নোহোৱা হৈ পৰে । ম’বাইল ফোনো বন্ধ হৈ আছে জাহাংগীৰৰ ।
জানিব পৰা মতে ধুবুৰীৰ ঘৰলৈও যোৱা নাই জাহাংগীৰ । তেনেহ’লে ক’লৈ গ’ল জাহাংগীৰ ? এই মুহূর্তত এয়া আন এক উত্তৰবিহীন প্ৰশ্ন হৈ পৰিছে । অসম আৰক্ষীয়ে কিন্তু জাহাংগীৰৰ এতিয়াও সন্ধান উলিয়াব পৰা নাই । এদিনৰ অগা-পিচাকৈ ৰহস্যজনকভাৱে জাহাংগীৰ আৰু সুনীল গগৈ নোহোৱা হৈ পৰিল ।
লগতে পঢ়ক:এপষেক পাৰ হ’ল; আজি পৰ্যন্ত সন্ধান নোলাল সুনীল গগৈৰ হত্যাকাৰীৰ - DHAKUAKHANA MURDER
অৰ্ধদগ্ধ মৃতদেহ উদ্ধাৰৰ পাচত সেয়া সুনীল গগৈৰে মৃতদেহ বুলি নিশ্চিত হৈ পৰিয়ালে ইতিমধ্যে মৃতকৰ আদ্যশ্ৰাদ্ধও সম্পন্ন কৰে । কিন্তু এই পৰ্যন্ত DNA পৰীক্ষাৰ ৰিপ’ৰ্ট পৰিয়ালটোৱে পাবলৈ সক্ষম হোৱা নাই । ক্ৰমে মেৰপেচ বাঢ়িছে এই ঘটনাটোৰ । জাহাংগীৰ নোহোৱা হোৱাৰ পৰা না না প্ৰশ্নৰো উদয় হৈছে । ৰাইজ তথা পৰিয়ালে ক্ষীপ্ৰতাৰে তদন্ত কৰি এই সমস্ত ঘটনাৰ ৰহস্য ভেদ কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ আহ্বান জনাইছে ।
এই ঘটনা সন্দৰ্ভত দুদিন পূৰ্বে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ৷ তেওঁ কয় যে, হত্যাকাণ্ডৰ পিচত উদ্ধাৰ হোৱা শৰীৰৰ অৱশিষ্টসমূহৰ নমুনা DNA পৰীক্ষাৰ বাবে হায়দৰাবাদস্থিত CDRP লৈ পঠোৱা হৈছে ৷ DNA ৰিপ’ৰ্ট নহালৈ সেই অৱশিষ্টখিনি কাৰ সেয়া ক’ব নোৱাৰি ৷ ৰিপ'ৰ্ট পোৱাৰ পিচত তদন্ত আগবাঢ়িব বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰে ৷ বহু তথ্য তদন্তকাৰী দলে ইতিমধ্যে লাভ কৰিছে যদিও DNA ৰিপ'ৰ্ট নহাৰ ফলত তদন্তত অলপ অসুবিধা হৈছে বুলিও তেওঁ কয় ৷
লগতে পঢ়ক:অৰ্ধদগ্ধ-মুণ্ডহীন মৃতদেহ : নিৰৱচ্ছিন্ন তদন্ত অব্যাহত আৰক্ষী-ফৰেনছিক দলৰ - DHAKUAKHANA MURDER