অসম

assam

ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়লৈ সুনাম আনিলে কৃতী অধ্যাপিকাই - DR GOMA DEVI SHARMA

বিশ্ব নেপালী সাহিত্যৰ ক্ষেত্ৰখন সমৃদ্ধ কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে ড৹ গোমা দেৱী শৰ্মাক এই সন্মানীয় আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয় ।

DR GOMA DEVI SHARMA
ড৹ গোমা দেৱী শৰ্মালৈ দেৱকোটা-লু জুন প্ৰজ্ঞা আন্তঃৰাষ্ট্ৰীয় সাহিত্য বঁটা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 19, 2024, 4:19 PM IST

তেজপুৰ:তেজপুৰ বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক ড৹ গোমা দেৱী শৰ্মাক নেপালৰ দেৱকোটা-লু জুন (Devkota-Lu Xun) একাডেমীয়ে ২০২৪ চনৰ সন্মানীয় দেৱকোটা-লু জুন প্ৰজ্ঞা আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিছে (Devkota-Lu Xun Pragya International Award 2024) । এই সন্মানীয় স্বীকৃতি নেপালী সাহিত্য আৰু অনুবাদৰ ক্ষেত্ৰলৈ এক অসাধাৰণ অৱদান বুলি অভিহিত কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ে ৷

দেৱকোটা-লু জুন একাডেমী হৈছে নেপাল আৰু চীনৰ মাজত সাহিত্যিক আৰু সাংস্কৃতিক আলোচনাক লাভান্বিত কৰিবলৈ ২০১১ চনত লেখক, সমালোচক, অনুবাদক, শিল্পী, গৱেষক, সংবাদ মাধ্যমৰ কৰ্মী আৰু সংস্কৃতি কৰ্মীৰ এটা দলে প্ৰতিষ্ঠা কৰা এটা সাহিত্য আৰু সাংস্কৃতিক সংস্থা । নেপালৰ মহাকবি নামেৰে পৰিচিত লক্ষ্মী প্ৰসাদ দেৱকোটা আৰু চীনৰ এজন বিখ্যাত সাহিত্যিক লু জুনৰ নামেৰে এই একাডেমীৰ নাম দিয়া হয় ।

ড৹ শৰ্মাই ভাৰতীয় নেপালী সাহিত্যৰ বিকাশত প্ৰধান অৰিহণা যোগাইছে, যাৰ ফলত বিশ্ব নেপালী সাহিত্যৰ জন্ম হৈছে । সৃষ্টিশীল লেখক, গৱেষক, অনুবাদক (নেপালীৰ পৰা হিন্দীলৈ আৰু হিন্দীৰ পৰা নেপালীলৈ) আৰু সমালোচক হিচাপে ড৹ শৰ্মাৰ অৱদানৰ স্বীকৃতি আৰু সমালোচনাত্মক প্ৰশংসাস্বৰূপে তেওঁক এই সন্মানীয় বঁটা প্ৰদানৰ বাবে সিদ্ধান্ত লোৱা হৈছে ।

ড৹ শৰ্মাই অন্তৰ্দৃষ্টিসম্পন্ন লেখাত নিয়োজিত হৈ শৈক্ষিক সমাজ আৰু ইয়াৰ বাহিৰতো প্ৰভাৱ পেলাইছে । অসম চৰকাৰে তেওঁক ২০২১ চনত ভাষা গৌৰৱ সন্মানেৰে সন্মানিত কৰে ৷ ইয়াৰ উপৰি তেওঁ ২০২২ হামৰো স্বাভিমান ট্ৰাষ্ট, দিল্লীৰ দ্বাৰা ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা এগৰাকী অন্যতম সৃষ্টিশীল লেখক ।

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে ড৹ শৰ্মাক এই সন্মানীয় বঁটা লাভ কৰাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে । ড৹ শৰ্মাৰ এই কৃতিত্বই আন আন অধ্যাপক, সদস্য আৰু ছাত্ৰ-ছাত্ৰীসকলক উৎকৃষ্টতাৰ বাবে চেষ্টা কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি উপাচাৰ্যগৰাকীয়ে মত প্ৰকাশ কৰে ।

লগতে পঢ়ক:বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

ABOUT THE AUTHOR

...view details