তেজপুৰ, 26 জুন : মহাবিদ্যালয়ত নামভৰ্তিক লৈ বৰ্তমান এক আসোঁৱাহ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ সমৰ্থ পৰ্টেলৰ বিসংগতিৰ ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি বিনামূলীয়া নামভৰ্তিৰ প্ৰসংগত এক বিবৃত্তি প্ৰকাশ কৰিছে ৷ একেসময়তে আজি তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই মহাবিদ্যালয়সমূহত চলি থকা নামভৰ্তিৰ প্ৰক্ৰিয়াত দেখা দিয়া বিসংগতি সন্দৰ্ভত অসম চৰকাৰৰ শিক্ষামন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷
আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱাঞ্জন বিকাশ পাঠক আৰু সাধাৰণ সম্পাদক গীতাৰ্থ হৰি কাশ্যপৰ নেতৃত্বত এটি সজাতি দলে শোণিতপুৰ জিলাৰ আয়ুক্তক সাক্ষাৎ কৰি জিলাখনৰ মহাবিদ্যালয় সমূহত চলি থকা নামভৰ্তি প্ৰক্ৰিয়াত দেখা দিয়া সমস্যাসমূহ সমাধানৰ বাবে শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰকপত্ৰখনত স্পষ্টভাৱে তথ্য আৰু নিৰ্দেশনাৰ অভাৱৰ কথা সদৰী কৰি ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ পদ্ধতি, যোগ্যতাৰ মাপকাঠী আৰু গুৰুত্বপূৰ্ণ সময়সীমা সম্পৰ্কে সঠিক আৰু সময়োপযোগী তথ্য লাভ কৰাত প্ৰায়ে অসুবিধাৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰে আঞ্চলিক ছাত্ৰ সন্থাই ৷ এই তথ্যৰ অভাৱৰ ফলত ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকলে সুযোগ হেৰুৱাব পাৰে আৰু নানান ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে বুলিও ছাত্ৰ সন্থাই শংকা প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক :সমৰ্থ পৰ্টেল বিতৰ্ক : বিপাঙত শিক্ষাৰ্থী, জাঙুৰ খাই উঠিছে যুৱ ছাত্ৰ পৰিষদ - Samarth Portal