ধুবুৰী,১ অক্টোবৰ:অসম আৰক্ষী দিৱসৰ দিনাই ধুবুৰীত অঘটন । আৰক্ষীৰ বাহনে মহতিয়ালে এজন পাচলি ব্য়ৱসায়ীক । দুৰ্ঘটনাটো সংঘটিত কৰিয়েই আৰক্ষীৰ লোককেইজনে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
ঘটনাৰ বিৱৰণী অনুসৰি পুৱা ৯ মান বজাত ব্য়ৱসায়ীজনে চাইকেলেৰে ঝালেৰ আলগা দ্বিতীয় খণ্ডৰ পৰা শাক-পাচলি বিক্ৰী কৰিবলৈ ধুবুৰী চহৰলৈ গৈ থকা অৱস্থাত এখন বাহনে খুন্দিয়ায় । গৌৰীপুৰৰ পৰা ধুবুৰী অভিমুখে তীব্ৰ বেগেৰে গৈ থাকোতে এই বাহনখনে খুন্দিওৱাৰ ফলত ব্য়ৱসায়ীজন বাগৰি পৰে । বাহনখনে লোকজনক কিছুদূৰ চোঁচৰাই নিয়ে । পিচত আহত লোকজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰে ।
ৰাইজে বাহনখন প্ৰত্যক্ষ কৰাৰ সময়ত দেখা পাই তিনিজন আৰক্ষীৰ লোক ভিতৰত আছে । বাহনখনৰ চালক আছিল এজন গৃহৰক্ষী জোৱান আৰু কাষৰ ছীটত আছিল এজন আৰক্ষীৰ উপ-পৰিদৰ্শক । কিন্তু তেওঁলোক বাহনৰ পৰা নামি আহত লোকজনক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে । আৰক্ষীৰ এই কাণ্ডত ৰাইজ উত্তেজিত হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।