ডিফু, 14 আগষ্ট:ৰাজ্যত পুনৰ সংঘটিত হ’ল লোমহৰ্ষক হত্যাৰ ঘটনা ৷ কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমামূৰীয়া বকলীয়াঘাটৰ ৰজাপথাৰ টকৌবাৰীত সংঘটিত হৈছে এই ঘটনাটো ৷ মঙলবাৰৰ নিচেই পুৱাতে এই ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৷ কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমামূৰীয়া বকলীয়াঘাটৰ ৰজাপথাৰ টকৌবাৰীত সংঘটিত হোৱা এই হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ জিলাখনতে সৃষ্টি কৰিছে চাঞ্চল্যৰ ।
মৃত লোক দুজনৰ পৰিচয়
প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰৰ পুৱা কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট থানাৰ অন্তৰ্গত ৰজাপথাৰ টকৌবাৰীত স্থানীয় লোকে পথৰ দাঁতিত ক্ষত-বিক্ষত অৱস্থাত পৰি থকা দুটা মৃতদেহ প্ৰত্যক্ষ কৰে । লগে লগে গাঁওখনত সৃষ্টি হয় এক হুৱা-দুৱা পৰিৱেশৰ । স্থানীয় লোকে স্থানীয় গাঁওবুঢ়াক এই বিষয়ে অৱগত কৰে ৷ লগতে মৃতদেহ দুটা গাঁৱখনৰে নীল বৰদলৈ(58) আৰু বিভীষণ বৰদলৈ(63) বুলি চিনাক্ত কৰা হয় ।
পুৱতি নিশা ঘৰৰ বাহিৰলৈ ওলাই গৈছিল ভুক্তভোগী দুজন