অসম

assam

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 10:00 PM IST

ETV Bharat / state

চাহ শ্ৰমিকক উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ দাবী : অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিবাদ - Protest in Tinsukia

Tea workers protest: চিকিৎসক নিয়োগ তথা গ্ৰুপ চিকিৎসালয় পুনৰ মুকলিৰ দাবীত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ উদ্যোগত তিনিচুকীয়াত প্ৰতিবাদ ৷ তিনিচুকীয়া চহৰৰ পুৰণি ৰে’ল ষ্টেচনৰ পৰা আৰম্ভ কৰা বিক্ষোভ কাৰ্যসূচী তামোলবাৰীস্থিত সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ত সামৰণি পৰে ৷

PROTEST IN TINSUKIA
উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ দাবী (ETV BHARAT ASSAM)

তিনিচুকীয়া, 26 জুন : চিকিৎসক অবিহনেই দীৰ্ঘদিন ধৰি চলি আহিছে তিনিচুকীয়া জিলাৰ প্ৰায় সংখ্যক চাহ বাগিচা চিকিৎসালয় ৷ লগতে জিলাখনৰ তিনিখনকৈ গ্ৰুপ চিকিৎসালয় বন্ধ কৰি দিয়া হৈছে ৷ চিকিৎসালয়ত চিকিৎসকৰ অভাৱ আৰু গ্ৰুপ চিকিৎসালয় বন্ধ কৰাৰ বিৰুদ্ধে তিনিচুকীয়া চহৰত বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলে ৷ চিকিৎসক নিয়োগ তথা গ্ৰুপ চিকিৎসালয় পুনৰ মুকলিৰ দাবীত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ (ASCSS) ৰ উদ্যোগত তিনিচুকীয়া চহৰত এক প্ৰতিবাদী সমদল আৰু বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে চাহ শ্ৰমিকসকলে ৷

তিনিচুকীয়াত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

তিনিচুকীয়া চহৰৰ পুৰণি ৰে’ল ষ্টেচনৰ পৰা আৰম্ভ কৰা বিক্ষোভ কাৰ্যসূচী তামোলবাৰীস্থিত সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ত সামৰণি পৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত চাহ শ্ৰমিক ৰাইজক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বন্ধ কৰক, চাহ বাগিচাত চিকিৎসক নিযুক্তি দিয়ক, চাহ শ্ৰমিক ৰাইজক ভোটবেংক হিচাপে ব্যৱহাৰ কৰা বন্ধ কৰক, বিজেপি হায় হায় আদি বিভিন্ন শ্লোগানেৰে চহৰখনৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ আজিৰ কাৰ্যসূচীত CITU ৰ জিলা সভাপতি সুভাষ সেন, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশাল ক'ল, সনাতন সাৱাচী, পদ্মা তাঁতীকে আদি কৰি বহুসংখ্যক প্ৰতিবাদী ৰাইজে উপস্থিত থাকে ৷

উল্লেখ্য যে, ৰাজ্যৰ চাহ শ্ৰমিকসকলক শাসনাধীষ্ঠ প্ৰতিখন চৰকাৰেই উন্নত স্বাস্থ্য সেৱাৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও আজিও উন্নত মানৰ স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ আহিছে তেওঁলোক ৷ বাগিচাসমূহত চিকিৎসালয় আছে যদিও চিকিৎসক তথা আন আন আনুসংগিক সামগ্ৰীৰ অভাৱৰ অভিযোগ উত্থাপন কৰি আহিছে শ্ৰমিকসকলে ৷ ফলত এইদৰে সময়ে সময়ে উন্নত স্বাস্থ্য ব্যৱস্থাৰ দাবীত ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷

লগতে পঢ়ক :চি আৰ পি এফ জোৱানৰ হত্যাকাণ্ডৰ ঘটনাত নাম সাঙোৰ টিহুৰ বিজেপি নেতাৰ - CRPF jawan murder

ABOUT THE AUTHOR

...view details