অসম

assam

ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনাই চাহ শ্ৰমিকৰ প্ৰতিবাদ - TEA WORKERS PROTEST IN MARIYANI

Tea workers protest : আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনাই উত্তপ্ত হৈ পৰিল মৰিয়নীৰ গাভৰু চাহ বাগিচা ৷ প্ৰাপ্যৰ দাবীত প্ৰতিবাদত বহিল চাহ শ্ৰমিকসকল ৷

By ETV Bharat Assamese Team

Published : May 21, 2024, 2:27 PM IST

Tea workers protest on International Tea Day
আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনাই চাহ শ্ৰমিকৰ প্ৰতিবাদ (etv bharat assam)

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনাই চাহ শ্ৰমিকৰ প্ৰতিবাদ (etv bharat assam)

যোৰহাট, 21 মে’ : দীৰ্ঘদিন ধৰি নিজৰ উচিত প্ৰাপ্য পৰা বঞ্চিত হৈ আহিছে বাগিচাৰ চাহ শ্ৰমিকসকল । আনকি বৰ্তমান সময়তো এজন শ্ৰমিকে দৈনিক মজুৰি যিমান পাব লাগে সেয়া সম্ভৱ হৈ উঠা নাই ৷ ৰাজ্যত সময়ে সময়ে চাহ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও কাণসাৰ নাই ৰজাঘৰৰ ৷

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনাই প্ৰতিবাদত নামিল একাংশ চাহ শ্ৰমিক ৷ মঙলবাৰে মৰিয়নী গাভৰু পৰ্বত চাহ বাগিচাৰ সহস্ৰাধিক শ্ৰমিকৰ উত্তাল প্ৰতিবাদত এক প্ৰকাৰ বাগিচা কাম-কাজ স্তব্ধ হৈ পৰে । চাহ শ্ৰমিকসকলৰ গ্ৰেছ্যুইটি আদায় দিয়া, অস্বায়ী শ্ৰমিকৰ ভৱিষ্যৎ নিধি কৰ্তন কৰাৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত বাগিচাখনৰ সহস্ৰাধিক শ্ৰমিকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ লগতে আজিৰ পৰা আগন্তুক ২8 মে’লৈকে প্ৰতিবাদকাৰীসকলে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও জানিবলৈ দিয়ে ৷

তাৎপৰ্যপূৰ্ণ যে, বাগিচাখনৰ কৰ্মৰত শ্ৰমিকসকলক বাগিচা কতৃপক্ষই বিশুদ্ধ পানী পৰিৱৰ্তে অপৰিস্কাৰ পানী যোগান ধৰি অহাৰ গুৰুতৰ অভিযোগ উথাপন কৰিছে প্ৰতিবাদীকাৰীসকলে ৷ ফলত অপৰিস্কাৰ পানী সেৱন কৰি বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈছে বাগিচাৰ শ্ৰমিকসকল ।

আনহাতে উপৰোক্ত দাবীসমূহ যদি শীঘ্ৰে সমাধান নকৰে তেতিয়াহ’লে অনাগত দিনত পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী শ্ৰমিকসকলে । এই প্ৰতিবাদী কাৰ্যসূচীত শ্ৰমিকসকলক সংগ দিয়ে অসম চাহ মজদুৰ সংঘই ৷

উল্লেখ্য যে, সততে চাহ শ্ৰমিক সমাজৰ উন্নতি হোৱা বুলি ভুৱা প্ৰতিশ্ৰুতি আৰু শ্লোগান দিয়া নেতা-মন্ত্ৰী তথা শ্ৰমিক নেতাসকলে এই সকলোবোৰ দেখিও যেন নেদেখাৰ ভআও ধৰিছে ৷ দিনক দিনে চাহ বাগিচাৰ শ্ৰমিকসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে ৷

লগতে পঢ়ক:চাহ শ্ৰমিকৰ ধাৰাবাহিক প্ৰতিবাদৰ পাচতে ভুক্তভোগীৰ গৃহত উপস্থিত বিধায়ক বিনোদ হাজৰিকা - MLA Binod Hazarika

ABOUT THE AUTHOR

...view details