মৰাণ/বিশ্বনাথ : উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শত প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘ । ১৯৩০ চনত গঠিত এই শ্ৰীমন্ত শংকৰদেৱ সংঘত লাখ লাখ ভকত সমৃদ্ধ হৈছে । গুৰুজনাৰ নীতি-আদৰ্শৰ আধাৰত প্ৰতিষ্ঠিত শংকৰদেৱ সংঘ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান হৈ উঠিছে যদিও বিতৰ্কই যেন লগ নেৰা হৈছে ।
এইবাৰ শংকৰ সংঘৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতি । শুকুৰবাৰে মৰাণত এক সংবাদমেলৰ জৰিয়তে টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰ আৰু কাৰ্যকৰী সভাপতি ৰুদ্ৰ সাগৰ বুঢ়াগোঁহায়ে ৩১ জানুৱাৰীৰ মে-ডাম-মে-ফিত অংশ লৈ উক্ত অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰাৰ বাবে শংকৰ সংঘৰ ককিলাগুৰি প্ৰাথমিক শাখাই চন্দ্ৰ বৰুৱালৈ পত্ৰ প্ৰেৰণ কৰি তেওঁক এঘৰীয়া কৰাৰ লগতে জৰিমনা বিহা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে ।
শংকৰ সংঘৰ ককিলাগুৰি প্ৰাথমিক শাখাই চন্দ্ৰ বৰুৱালৈ প্ৰেৰণ কৰা পত্ৰখন (ETV Bharat Assam) শংকৰ সংঘক এনে ভণ্ডামি এৰিবলৈ আহ্বান জনাই টাইপাৰ নেতৃত্বই শংকৰ সংঘৰ নেতৃত্বক ঘটনা সন্দৰ্ভত আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈও দাবী জনাইছে । অন্যথা শংকৰ সংঘৰ অনুষ্ঠানত টাইপাই বাধা প্ৰদান কৰিব বুলি উল্লেখ কৰে ।
শংকৰ সংঘক আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী
টাইপাৰ সংবাদমেল (ETV Bharat Assam) শংকৰ সংঘক লৈ সৃষ্টি হোৱা বিৰ্তক সন্দৰ্ভত টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে কয়, "মে-ডাম-মে-ফিক লৈ চৰ্চা চলিছে ৰাজ্যত । ইয়াৰ কাৰণ হ'ল গহপুৰৰ চন্দ্ৰ বৰুৱাই ৩১ জানুৱাৰীত মে-ডাম-মে-ফিত অংশ লৈ উক্ত অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰাৰ বাবে তেওঁক এঘৰীয়া কৰাৰ লগতে ৫০০ টকা জৰিমনা বিহা হৈছে । আমি শংকৰদেৱ সংঘত গুণী-জ্ঞানী মানুহ আছিল বুলি ভাবিছিলো যদিও এই ঘটনাৰ পাছত সেই ধাৰণা ভুল বুলি প্ৰমাণিত হৈছে ।"
তেওঁ লগতে কয়, "মে-ডাম-মে-ফি টাই আহোমসকলৰ উপৰিপুৰুষক উপাসনা কৰা এটা অনুষ্ঠান । এই অনুষ্ঠানত কোনোধৰণৰ মূৰ্তিপূজা কৰা নহয় । কিন্তু এই অনুষ্ঠানলৈ যোৱা বাবে শংকৰ সংঘই এজন ব্যক্তিক বহিষ্কাৰ কৰিছে । তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো ।"
লগতে সভাপতিগৰাকীয়ে কয়, "শংকৰ সংঘই গাহৰি, কুকুৰা পুহিলে বহিষ্কাৰ কৰে । কিন্তু শংকৰ সংঘৰ অধিবেশনলৈ যিসকলক নিমন্ত্ৰণ কৰি আগস্থান দিয়ে সেইসকলে গাহৰিও খায়, মূৰ্তি পূজাও কৰে । শংকৰ সংঘক আমি এইধৰণৰ ভণ্ডামি এৰিবলৈ আহ্বান জনাইছো । শংকৰদেৱে জাতিভেদ বিচাৰ কৰা নাছিল । শংকৰদেৱৰ নামত সংঘ খুলি ভণ্ডামি কৰা হৈছে । শংকৰ সংঘৰ দৰে ক্লাব খুলি অসমৰ জাতি-জনগোষ্ঠীৰ পৰম্পৰাক অপমান কৰাৰ লগতে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰা হৈছে । সেয়ে আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা নুখুজিলে শংকৰ সংঘৰ অনুষ্ঠানত টাইপাই বাধা দিব ।"
ঘটনাৰ পটভূমি কি
মো-ডাম-মে-ফিত অংশগ্ৰহণৰ বাবেই শংকৰ সংঘৰ পৰা বহিষ্কাৰ (ETV Bharat Assam) উল্লেখ্য যে ঘটনা অনুসৰি, যোৱা ৩১ জানুৱাৰীত আহোমৰ পৰম্পৰাগত ধৰ্মীয় উৎসৱ মে-ডাম-মে-ফিৰ অনুষ্ঠান গহপুৰত অনুষ্ঠিত হয় । এই অনুষ্ঠানত স্থানীয় এজন লোকে সভাপতিত্ব কৰাৰ বাবেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী পদ বাতিল কৰা ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । গহপুৰ সমষ্টিৰ ককিলাগুৰিৰ চাও চন্দ্ৰ বৰুৱাৰ সংগী পদ বাতিল কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ককিলাগুৰি প্ৰাথমিক শাখাই ।
৩১ জানুৱাৰীত গহপুৰ সমষ্টিৰ ককিলাগুৰিৰ ৰঙ্গমঞ্চত অনুষ্ঠিত মে-ডাম মে-ফিৰ অনুষ্ঠানত চন্দ্ৰ বৰুৱাই সভাপতিত্ব কৰাৰ বাবে বুধবাৰে ককিলাগুৰি প্ৰাথমিক শাখাই চন্দ্ৰ বৰুৱালৈ সংগীপদ বাতিলৰ জাননী প্ৰেৰণ কৰে । প্ৰাথমিক শাখাটোৰ সম্পাদকৰ দ্বাৰা স্বাক্ষৰিত উক্ত জাননীত পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি চন্দ্ৰ বৰুৱাক পুনৰ সংগীপদ লাভৰ বাবে ৫০০ টকা অৰ্থদণ্ড আৰু সংস্কাৰ হোৱাৰ কথাও উল্লেখ কৰিছে ।
ইফালে আহোম জনগোষ্ঠীৰ লোক হৈয়ো আহোমৰ ধৰ্মীয় উৎসৱ মে-ডাম-মে-ফিত আগভাগ লোৱা চন্দ্ৰ বৰুৱাক সংস্কাৰ হ'বলৈ নিৰ্দেশ দিয়া কাৰ্যই প্ৰকৃতাৰ্থত কি সূচাব বিচাৰিছে সেয়া বিচাৰ্যৰ বিষয় হৈ পৰিছে । এই ঘটনাৰ বিষয়ে বিয়পি পৰা লগে লগে আহোম জনগোষ্ঠীৰ দল-সংগঠনসমূহ শংকৰদেৱ সংঘৰ ককিলাগুৰি শাখাৰ বিষয়ববীয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ।