অসম

assam

চুমীৰ দেওৰেক ধৰা পৰিল, বতাহত মিলি গ'ল নেকি তাৰ্কিকসহ নাচনী চুমী ! - Assam trading scam

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 3:31 PM IST

Updated : Sep 11, 2024, 4:20 PM IST

Tarkik Borah's brother arrested: বিশাল ফুকন অনলাইন ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্ত তথা পলাতক চুমী বৰাৰ স্বামী তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক গ্ৰেপ্তাৰ ৷ বিশেষ টাস্ক ফ’ৰ্চে বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে অম্লান বৰাক ৷

Tarkik Borah's Brother Arrested
তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ (ETV Bharat Assam)

নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ: অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত তথা পলাতক চুমী বৰাৰ স্বামী তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ অসম আৰক্ষীয়ে বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে অম্লান বৰাক । জানিব পৰা মতে, ঝাৰখণ্ডৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাত বিশেষ টাস্ক ফ’ৰ্চে অম্লান বৰাক গ্ৰেপ্তাৰ কৰে ।

অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰত ডিব্ৰুগড় আৰক্ষীয়ে বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা পলাতক অৱস্থাত আছে চুমী বৰা আৰু স্বামী তাৰ্কিক বৰা ৷ দুয়োকে বিচাৰি বৰ্তমান অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ একে সময়তে চি আই ডিয়ে এছ আই টি গঠন কৰি দুয়োকে বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷ অসমৰ লগতে বহিঃৰাজ্যতো অভিযান চলাই আছে আৰক্ষী আৰু এছ টি এফ দলে ৷

লগতে পঢ়ক:তাৰ্কিক-চুমীৰ চুনামিয়ে বোকাখাতকো চুই গ'ল : যোৱা সপ্তাহত দুয়ো আশ্ৰয় লৈছিল কাৰ ঘৰত ? - INVESTMENT SCAM IN ASSAM

তদন্তকাৰী দলে চুমী আৰু স্বামী তাৰ্কিক বৰাৰ কোনো সন্ধান বৰ্তমান পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও তেওঁলোকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি থকা কেইবাজনকো আটক কৰিবলৈ সক্ষম হৈছে ৷ বোকাখাত আৰক্ষীয়ে সোমবাৰে নিশা চুমী-তাৰ্কিকৰ লগত সম্পৰ্ক ৰখাৰ অভিযোগত বোকাখাতৰ মিলনপুৰৰ চন্দন নাথ আৰু লতাবাৰীৰ শোভনজ্যোতি কুৰ্মী নামৰ দুজন লোকক আটক কৰে ।

আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা সপ্তাহত শোভনজ্যোতিৰ ঘৰত আশ্ৰয় লৈছিল চুমী-তাৰ্কিকে । এই কাৰ্যত চন্দন নাথেও সহযোগ কৰাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে । ইয়াৰ পাছত আজি বিশেষ টাস্ক ফ’ৰ্চে বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে অম্লান বৰাক ৷ অম্লানক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে এছ টি এফে বৰাই ব্যৱহাৰ কৰা ফৰ্চুনাৰ গাড়ীখনো জব্দ কৰিছে বুলি জানিব পৰা হৈছে ।

লগতে পঢ়ক:অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাত অভিযুক্তৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড - Online Trading Scam

চুমী বৰা-বিশাল ফুকনৰ অনলাইন ট্ৰেডিং গোচৰত ৬‌ জনৰ বিৰুদ্ধে আৰক্ষীৰ লুক-আউট ন'টিছ - Online Trading Scam

বিশাল-চুমীৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ ভাৰ চি আই ডিক - CM Himanta Biswa Sarma

Last Updated : Sep 11, 2024, 4:20 PM IST

ABOUT THE AUTHOR

...view details