অসম

assam

ETV Bharat / state

ধৰ্মীয় ৰীতি-নীতিৰে উপৰিপুৰুষক সুঁৱৰিলে টাই আহোমসকলে - ME DAM ME PHI 2025

টাই আহোম ধৰ্মীয় ৰীতি-নীতিৰে ডিব্ৰুগড়, চৰাইদেউ, মাজুলীত মে-ডাম-মে-ফি উদযাপন ।

Tai Ahoms observed ME DAM ME PHI with religious rituals
উপৰিপুৰুষক সুঁৱৰিলে টাই আহোমসকলে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 31, 2025, 7:34 PM IST

ডিব্ৰুগড়/মাজুলী: টাই আহোমসকলৰ উপৰিপুৰুষসকলক তৰ্পণ কৰাৰ অনুষ্ঠান মে-ডাম-মে-ফি । পৰম্পৰা ৰক্ষা কৰি উপৰিপুৰুষসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে শুক্ৰবাৰে সমগ্ৰ ৰাজ‍্যৰ লগতে ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ উদ‍্যোগত অনুষ্ঠিত কৰা হয় কেন্দ্ৰীয় মে-ডাম-মে-ফি ।

ডিব্ৰুগড়ৰ খোৱাং বৰপথাৰৰ দেওধাই চেতিয়া গাঁৱত অসম জাতীয় পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত খোৱাং সমষ্টি সমিতিৰ সহযোগত হালধিবাৰী পঞ্চায়ত আৰু বৰপথাৰ দেওঁধাই চেতিয়া গাঁওবাসীৰ আপ্যায়নত অসমৰ প্ৰথম অভিধান প্ৰণেতা ডামচাও টেঙাই মহন ক্ষেত্ৰত টাই আহোম ধৰ্মীয় ৰীতি-নীতিৰে কেন্দ্ৰীয় মে-ডাম-মে-ফি উদযাপন কৰা হয় ।

উপৰিপুৰুষক সুঁৱৰিলে টাই আহোমসকলে (ETV Bharat Assam)

পুৱা পৰিৱেশ নিকাকৰণেৰে আৰম্ভ হোৱা কাৰ্যসূচীত পতাকা উত্তোলন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । শ্বহীদ তৰ্পন কৰে দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই । ইয়াৰ পিছতে মৈদাম তৰ্পণ কৰে অজাপৰ উপ-সভাপতি অনুপ ফুকনে । দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত টাই আহোম ধৰ্মীয় ৰীতি-নীতিৰে মে-ডাম-মে-ফিৰ ডাম ফি পূজা, মুকলি সভা, টাই কৃষ্টি প্ৰদৰ্শনৰ লগতে ১০জনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । মুকলি সভাত বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে ।

প্ৰথম অভিধান প্ৰণেতা টেঙাই মহনৰ স্মৃতি যুগমীয়া কৰিবলৈ চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান:

টাই আহোম ধৰ্মীয় ৰীতি-নীতিৰে অনুষ্ঠিত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় মে-ডাম-মে-ফিত অংশগ্ৰহণ কৰি দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "এই অনুষ্ঠানৰ জড়িয়তে উপৰিপুৰুষক শ্ৰদ্ধা জনাইছো । অসমৰ প্ৰথম অভিধান প্ৰণেতা, টাই পণ্ডিত, প্ৰথম ইংলেণ্ডলৈ যোৱা অসমীয়া টেঙাই মহনৰ সৃষ্টিৰাজিক চৰকাৰে অবহেলা কৰিছে ।" লগতে সভাপতিগৰাকীয়ে টেঙাই মহনৰ স্মৃতি যুগমীয়া কৰিবলৈ চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ।

সাপেখাতীত চৰকাৰীভাৱে অনুষ্ঠিত কেন্দ্ৰীয় মে-ডাম-মে-ফি:

আজি বিশ্ব সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম প্ৰাংগনতো ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰা হয় মে-ডাম-মে-ফি । চৰাইদেউ মৈদাম ক্ষেত্ৰত থকা চাও চেন ৰেণত বন্তি প্ৰজ্বলন কৰি উপৰি পুৰুষসকলক শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ।‌ ইয়াৰ লগতে বিগত বছৰৰ দৰে এই বৰ্ষও চৰাইদেউৰ সাপেখাতীত মে-ডাম-মে-ফি বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ।

কেন্দ্ৰীয় মে-ডাম-মে-ফি অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় । মে-ডাম-মে-ফিৰ কাৰ্যসূচী হিচাপে ধৰ্মীয় ৰীতি-নীতিৰে উপৰিপুৰুষক স্মৰণ কৰা পাছতেই বিভিন্ন জনগোষ্ঠীৰ সমাহাৰেৰে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । শোভাযাত্ৰাত জিলা আয়ুক্ত নেহা যাদৱ, আৰক্ষী অধীক্ষক সুৰক্ষিত সিং পানেছৰৰ লগতে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰে ।

মাজুলীত টাই আহোম ছাত্র সন্থাৰ উদ্যোগত মে-ডাম-মে-ফি:

সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো আজি পালন কৰা হয় টাই আহোম সকলৰ ধৰ্মীয় উৎসৱ মে-ডাম-মে-ফি । মাজুলী জিলা টাই আহোম ছাত্র সন্থাৰ উদ্যোগত আৰু লাহন গাঁৱৰ ৰাইজৰ সহযোগত লাহন গাঁৱৰ চ্যুকাফা সমন্বয় ক্ষেত্ৰত ষষ্ঠ সংখ্যক মে-ডাম মে-ফি পালন কৰা হয় ।

এই অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ৰাজ্যিক সভাপতি মিলন বুঢ়াগোঁহাই । আয়োজকসকলে সকলোলৈকে মে-ডাম-মে-ফিৰ শুভকামনা জ্ঞাপন কৰে ।

লগতে পঢ়ক:মে-ডাম-মে-ফিতে ঐতিহাসিক হাবুঙক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সংকল্প - ME DAM ME PHI 2025

মৃত্যুৰ পাছত আত্মীয়-কুটুম্বে কিয় মে-ডাম-মে-ফিত পূৰ্বপুৰুষক সেৱা আগবঢ়ায় ? - ME DAM ME PHI 2025

ABOUT THE AUTHOR

...view details