অসম

assam

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 9:45 PM IST

ETV Bharat / state

প্ৰসংগ- ধূলা কাণ্ড : অৱশেষত চাকৰিৰ পৰা বৰ্খাস্ত হ'ল নিলম্বিত ‍আৰক্ষী বিষয়া উৎপল বৰা - Dhula Minor Girl Murder Case

Dhula Case : অৱশেষত বৰ্খাস্ত কৰা হ'ল কিশোৰী হত্যাৰ গোচৰত উৎকোচ লৈ সমগ্ৰ ঘটনা গাপ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা উৎপল বৰাক ৷ সামাজিক মাধ্যমযোগে আজি এই কথা সদৰী কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

DHULA MINOR GIRL MURDER CASE
বৰ্খাস্ত হ'ল নিলম্বিত ‍আৰক্ষী বিষয়া উৎপল বৰা (ETV BHARAT ASSAM)

গুৱাহাটী, 19 জুন :অৱশেষত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ল নিলম্বিত আৰক্ষী বিষয়া উৎপল বৰাক ৷ কিশোৰী হত্যাৰ গোচৰত উৎকোচ লৈ সমগ্ৰ ঘটনাটো গাপ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা উৎপল বৰাক অৱশেষত বৰ্খাস্ত কৰা হ'ল ৷ সামজিক মাধ্যমযোগে আজি এই কথা সদৰী কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ৷ আৰক্ষী বিষয়াজনক বৰ্খাস্ত কৰাটো সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় - 'অভিযুক্ত বিষয়াজনৰ দ্বাৰা সংঘটিত অপৰাধ সন্দৰ্ভত সাক্ষী আৰু তথ্যৰ ভিত্তিত আমি এই সিদ্ধান্তত উপনীত হৈছো ৷ তদুপৰি ঘটনাৰ সকলো তথ্য বিবেচনা কৰি অভিযুক্ত বিষয়া এছ আই উৎপল বৰাক অসম আৰক্ষীৰ সকলো নিয়মিত সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে ৷'

উল্লেখ্য যে ইয়াৰ পূৰ্বে এই ঘটনাৰে জড়িত তেতিয়াৰ দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল ৷ উল্লেখ্য যে ঘটনাটো আছিল 2022 চনৰ জুন মাহৰ ৷ দৰঙ জিলাৰ ধূলা থানাৰ অন্তৰ্গত কৃষ্ণকমল বৰুৱা নামৰ এজন লোকৰ ঘৰত এগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ ঢেকীয়াজুলিৰ প্ৰজা পথৰ 13 বছৰীয়া এগৰাকী কিশোৰী চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ সেই কিশোৰী গৰাকী কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত বনকৰা ছোৱালী হিচাপে আছিল ৷ ঘটনাৰ তদন্তৰ বাবে ধূলা আৰক্ষী থানাত কিশোৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দিবলৈ গৈছিল যদিও সেই ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছিল ৷

এই সমগ্ৰ ঘটনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হোৱাত তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশনাকো আওকাণ কৰি ঘটনাৰ তদন্ত কৰা হোৱা নাছিল ৷ আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৃত কিশোৰীগৰাকীৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰিবলৈ ঢেকীয়াজুলিৰ প্ৰজাপথৰ বাসগৃহত উপস্থিত হৈছিল ৷ তেতিয়াই আৰক্ষীৰ অৱহেলা আৰু গুৰুত্বহীনতাৰ কথা পোহৰলৈ অহাত নিলম্বিত হৈছিল কেবাজনো আৰক্ষী বিষয়া ৷ ইয়াৰ পিচত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিশেষ তদন্তকাৰী গোট গঠন কৰি ঘটনাৰ তদন্ত কৰাত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল ৷ একমাত্ৰ টকাৰ লোভৰ বাবেই আৰক্ষী বিষয়া, দণ্ডাধীশ, চিকিৎসকে হত্যাকাণ্ডৰ ঘটনা এটাক আত্মহত্যাৰ ৰূপ দিয়াত আগভাগ লৈছিল ৷

লগতে পঢ়ক :Dhula Minor Girl Murder Update: ধূলা কাণ্ডৰ অন্যতম অভিযুক্ত উৎপল বৰাৰ সম্পত্তি জব্দৰ নিৰ্দেশ আদালতৰ

এগৰাকী 13 বছৰীয়া বনকৰা কিশোৰীক ঘৰৰ মালিক তথা বি এছ এফৰ এজন জোৱানে ধৰ্ষণ কৰি হত্যা কৰাৰ এটা ঘটনাক গাপ দি তদন্তক বিপথে পৰিচালতি কৰাৰ বাবে আৰক্ষী, চিকিৎসক আৰু দণ্ডাধীশে কিদৰে অপৰাধীৰ সৈতে হাত মিলাইছিল তাৰ ভয়ংকৰ তথ্য তদন্তত উন্মোচন হৈছিল ৷ ঢেকিয়াজুলিৰ আদিবাসী সম্প্ৰদায়ৰ কিশোৰীগৰাকীক ধৰ্ষণ তথা হত্যাৰ ঘটনাক আত্মহত্যাৰ ৰূপ দি চি আই ডিৰ হাতত গ্ৰেপ্তাৰ হৈছিল তিনিজন চিকিৎসকৰ লগতে দুজন আৰক্ষী বিষয়া ৷ এই হত্যাকাণ্ডৰ ঘটনাত দৰং জিলাৰ ধূলা থানাৰ তদানীন্তন অ’চি উৎপল বৰাক গ্ৰেপ্তাৰ কৰাৰ পাছত কিশোৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ নামত ভুৱা প্ৰতিবেদনেৰে হত্যাৰ ঘটনাক আত্মহত্যা বুলি প্ৰমাণ কৰাৰ অপচেষ্টা চলোৱাৰ অপৰাধতে চি আই ডিয়ে মঙলদৈ জিলা অসামৰিক চিকিৎসালয়ৰ তিনি চিকিৎসকক গ্ৰেপ্তাৰ কৰিছিল ৷

লগতে পঢ়ক :CID files charge sheet in Dhula Case:ধূলা কাণ্ডৰ অভিযোগনামা দাখিল চি আই ডিৰ

ইফালে একেটা গোচৰতে ধনৰ বিনিময়ত তদন্তক বিপথে পৰিচালিত কৰাৰ অভিযোগত দৰঙৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনকো গ্ৰেপ্তাৰ কৰিছিল ৷ আনহাতে এই হত্যাৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগত অভিযুক্ত কৰা হৈছিল দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় আৰু এজন কাৰ্যবাহী দণ্ডাধীশক ৷ সেইসময়ত ৰাজমোহন ৰায়ে আত্মগোপন কৰিছিল যদিও পৰৱৰ্তী সময়ত অগ্ৰিম জামিন নাপাই চি আই ডিৰ ওচৰত আত্মসমৰ্পণ কৰিছিল ৷ লক্ষণীয় বিষয় যে এই হত্যাকাণ্ডক গাপ দিয়াৰ বাবে 5 লাখ টকা লোৱা ধূলা থানাৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক গ্ৰেপ্তাৰ কৰাৰ পাচতেই বৰাই নাম লৈছিল এছ পি ৰাজমোহন ৰয় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনৰ ৷

অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনে হত্যাৰ ঘটনাক গাপ দিয়াৰ বাবে অ’চি উৎপল ফুকনৰ মধ্যস্থতাত অভিযুক্তৰ আত্মীয়ৰ পৰা লৈছিল 1.50 লাখ টকা ৷ এই ঘটনাত এছ পি ৰাজমোহন ৰায়েও অভিযুক্তৰ পক্ষৰ পৰা লাভ কৰিছিল লক্ষাধিক টকা ৷ ইতিমধ্যে নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰয়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পাচত আজি অন্যতম অভিযুক্ত উৎপল বৰাক বৰ্খাস্ত কৰা হয় ৷

লগতে পঢ়ক :Suspended OC Utpal Bora Arrested: আয়তকৈ অধিক সম্পত্তি ; নিলম্বিত আৰক্ষী বিষয়া উৎপল বৰাসহ পত্নীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details