গুৱাহাটী, 17 মে’ : মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ প্ৰথম পৰ্যায়ত নিৰ্বাচিত ৰাজ্যৰ ৯৮ গৰাকী শিক্ষাৰ্থীক কৰ্ণাটকৰ ৰাজধানী চহৰ বেংগালুৰুত অতি উচ্চস্তৰীয় বৈজ্ঞানিক প্ৰতিষ্ঠান তথা গৱেষণাগাৰ দৰ্শনৰ সুবিধা আগবঢ়াইছে ৰাজ্য চৰকাৰে ৷
অসমৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক বৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰতি আগ্ৰহী কৰাৰ লগতে নৱপ্ৰজন্মৰ মাজত বিজ্ঞানমনস্কৰ বাতাবৰণক উদগণি যোগোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগে ৰূপায়ণ কৰা এই বিজ্ঞান উদগণিমূলক আঁচনিখনৰ প্ৰথমটো বৰ্ষত নিৰ্বাচিত শিক্ষাৰ্থীৰ এই বৃহৎ দলটোক ‘‘অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ’’(এছটেক) ৰ উদ্যোগত ১২ মে'ত বেংগালুৰুলৈ নিয়া হয় ৷
কৰ্ণাটক ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি পৰিষদৰ সহযোগত এছটেকে অসমৰ এই উদীয়মান বিজ্ঞান প্ৰতিভাধৰ শিক্ষাৰ্থীসকলৰ বাবে ১৩ মে'ৰ পৰা ১৭ মে' লৈ পাঁচদিনীয়া বেংগালুৰু বিজ্ঞান দৰ্শন শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰিছে ৷
এছটেকৰ বিজ্ঞানী তথা বিষয়াৰ তত্বাৱধানত যোৱা ছাত্ৰ-ছাত্ৰীৰ দলটোৱে ১২ মে'ৰ নিশাৰ পৰাই বেংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (Indian Institute of Science) ত বাহৰ পাতি আন্তঃৰাষ্ট্ৰীয় সুখ্যাতি থকা দেশৰ এই সবাতোকৈ সন্মানীয় বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানটোৰ গুৰুত্বপূৰ্ণ বৈজ্ঞানিক বিভাগসমূহ দৰ্শন কৰাৰ লগতে দেশৰ বহুকেইগৰাকী প্ৰসিদ্ধ বিজ্ঞানী-গৱেষকৰ সৈতেও আলাপৰ সুযোগ পাইছে ৷
বেংগালুৰু ভ্ৰমণকাৰী অসমৰ ছাত্ৰ-ছাত্ৰীসকলে বিগত চাৰিটা দিনত এই কাৰ্যসূচীৰ অধীনত ‘‘ইণ্ডিয়ান ইন্সটিটিউট অৱ ছায়েন্স’’ৰ অতি উচ্চ পৰ্যায়ৰ গৱেষণা শাখাসমূহৰ অন্যতম চেণ্টাৰ ফ'ৰ ব্ৰেইন ৰিছাৰ্চ, ছুপাৰ কম্পিউটাৰ এডুকেচন এণ্ড ৰিছাৰ্চ চেণ্টাৰ, চেণ্টাৰ ফৰ ছাছটেইনেবল টেকন'লজিজ, ইন্সট্ৰুমেণ্টেচন এণ্ড এপ্লাইড ফিজিক্স, চেণ্ট্ৰেল এনিমেল ফেচিলিটী, আণ্ডাৰ গ্ৰেজুয়েট ষ্টাডিজৰ লগতে কৰ্ণাটক ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি পৰিষদৰ চৌহদো দৰ্শন কৰে ৷
তদুপৰি আই আই এছ চি-ৰ গৱেষক-বিজ্ঞানীসহ দেশৰ প্ৰসিদ্ধ বিজ্ঞানীসকলৰ সৈতে প্ৰতিদিনেই একাধিক আলোচনা সত্ৰ তথা মত বিনিময় অনুষ্ঠানত মিলিত হোৱাৰ অনন্য সুযোগ আৰু অভিজ্ঞতা লাভ কৰিছে ৷
শিক্ষাৰ্থীসকলে আই আই এছ চি-ৰ উপৰি বেংগালুৰুত অৱস্থিত হিন্দুস্তান এৰ'ন’টিকছ লিমিটেডৰ ঐতিহ্য কেন্দ্ৰ তথা এৰ' স্পেচ সংগ্ৰহালয় (HAL Heritage Centre and Aerospace Museum), বৰষুণৰ পানী সংৰক্ষণ তথা ভূ গৰ্ভস্থ পানীৰ স্তৰ সংবৰ্ধন বিষয়ক অত্যাধুনিক প্ৰযুক্তিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা তথা প্ৰায়োগিক কেন্দ্ৰ "ছাৰ এম ভি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং থীম পাৰ্ক", সুৰ আৰু অত্যাধুনিক আলোকসজ্জা সংমিশ্ৰিত কলা প্ৰদৰ্শনৰ অগ্ৰণী কেন্দ্ৰ "ইন্দিৰা গান্ধী মিউজিকেল ফাউণ্টেইন" আৰু ইছৰ’ৰ "ইউ আৰ ৰাও ছেটেলাইট চেণ্টাৰো" কৰে দৰ্শন ৷