অসম

assam

ETV Bharat / state

ভোগালী পালেহিয়েই, আগে-ভাগে চুঙাপিঠাৰ জুতি ল'লে শিক্ষাৰ্থীয়ে - CHUNGA PITHA

মাজুলীৰ এখন বিদ্যালয়ত অসমীয়া সংস্কৃতিৰ লগত চিনাকি কৰাই দিয়াৰ প্ৰয়াস ছাত্র-ছাত্ৰীসকলক ।

Students make chunga pitha before Bhogali Bihu in a school of Majuli
আগে-ভাগে চুঙাপিঠাৰ জুতি ল'লে ছাত্ৰ-ছাত্ৰীয়ে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 18 hours ago

মাজুলী: ভোগৰ উৎসৱ ভোগালীলৈ মাজত কেইটামান দিন বাকী । চৌদিশে চলিছে ব্যাপক আয়োজন । পিঠা-পনাৰে ভৰিছে আখল । তাকে দেখি ৰৈ নাথাকিল মাজুলীৰ এখন বিশেষ বিদ্যালয় । ভোগালী উদযাপনৰ বাবে লাগিল হাতে-কামে ।

মাজুলীৰ বনগাঁও শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনৰ প্ৰশংসনীয় প্ৰদক্ষেপ । অসমীয়া সংস্কৃতিৰ লগত পৰিচয় হ'ল মাজুলীৰ একাংশ ছাত্র-ছাত্ৰী । পাঠদানৰ সমান্তৰালভাৱে এই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক পৰিচয় কৰাই আহিছে অসমীয়া প্ৰাচীন ঐতিহ্য-পৰম্পৰাৰ সৈতে ।

আগে-ভাগে চুঙাপিঠাৰ জুতি ল'লে ছাত্ৰ-ছাত্ৰীয়ে (ETV Bharat Assam)

বৃহস্পতিবাৰে বিদ্যালয়খনত পালন কৰা হয় চুঙাপিঠা উৎসৱ । মাজুলীৰ বনগাঁও শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনত অসমীয়াৰ পৰম্পৰাগত চুঙাপিঠাৰ সোৱাদ লৈ উৎফুল্লিত হৈ পৰিল ছাত্ৰ-ছাত্ৰী । বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীক চুঙাপিঠাৰ সোৱাদ দিয়াৰ লগতে পৰিচয় কৰাই দিয়ে অসমীয়া সমাজ জীৱনৰ পৰা লাহে লাহে হেৰাই যাব খোজা সংস্কৃতিৰ লগত ।

জাতি বাঁহৰ চুঙাত ছাত্ৰ-ছাত্ৰীসকলে পিঠাগুৰি ভৰাই জুইত নিজে পোৰা চুঙাপিঠাৰ জুতি লৈ আনন্দত আত্মহাৰা হৈ পৰিল । বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে চুঙাপিঠা বনোৱা কাৰ্যৰ অনুশীলন কৰোৱাই ছাত্ৰ-ছাত্ৰীসকলক । আধুনিকতাৰ ধামখুমীয়াত একক পৰিয়ালকেন্দ্ৰিক ব্যৱস্থাসমূহৰ পৰা ক্ৰমাৎ হেৰাই যোৱা চুঙাপিঠাৰ লগত আজিৰ ছাত্ৰ-ছাত্ৰীৰ পৰিচয়হীন এক অৱস্থাৰ সৃষ্টি হৈছে ।

এনে এক সময়ত বিদ্যালয়খনে অসমীয়াৰ প্ৰাচীন পৰম্পৰা ধৰি ৰখাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক চুঙাপিঠাৰ সোৱাদ দিয়া আৰু অসমীয়াৰ এক পৰম্পৰাৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা কাৰ্য এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে । বিদ্যালয়খনৰ এই কাৰ্যত প্ৰশংসা কৰিছে অভিভাৱক তথা অঞ্চলবাসীয়ে ।

লগতে পঢ়ক:কিয় আজি চৰ্চাত বনগাঁও শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতন ? - bhogali bihu

Pre Bhogali Celebration: তেজপুৰত শিক্ষাৰ্থীক পৰম্পৰা শিকোৱাৰ নিদৰ্শন দুই বিদ্যালয়ৰ - community fishing in Tezpur on Bhogali Bihu

ABOUT THE AUTHOR

...view details