মৰিগাঁও/তেজপুৰ, 28 মে’ :সোমবাৰৰ পৰাৰাজ্যজুৰি ৰেমলৰ ব্যাপক প্ৰভাৱ দেখা গৈছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা-বৰষুণৰ ফলত জনজীৱন ব্যাহত হৈছে ৷
মৰিগাঁও জিলাত কাল ধুমুহা ৰেমলৰ ফলত এজন কলেজীয়া ছাত্ৰই কৰুণ মৃত্যুক সাৱটি লয় ৷ ঘৰৰ পৰা কলেজলৈ আহি থকাৰ সময়তে চলন্ত টেম্পু বাহনৰ ওপৰত গছ বাগৰি পৰাত মৃত্যু মুখত পৰে কৌশিক আমফি নামৰ একাদশ শ্ৰেণীৰ ছাত্ৰজন । মৰিগাঁও জিলাৰ দীঘলবড়িত সংঘটিত হৈছে এই কৰুণ ঘটনাটো ৷ মৰিগাঁও গুৰুকূল একাডেমীত একাদশ শ্ৰেণীৰ বাণিজ্য শাখাৰ ছাত্ৰ আছিল কৌশিক ৷
দুৰ্ভগীয়া কৌশিক আমফিৰ ঘৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ধূপগুৰি গাঁৱত । কলেজলৈ আহি থকাৰ সময়তে মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দীঘলবড়ী নামৰ ঠাইত চলন্ত টেম্পুখনৰ ওপৰত গছ পৰাৰ ফলত এই শোকাৱহ ঘটনা ঘটে ৷ ছাত্ৰজনৰ লগতে লগতে কেইবাগৰাকীও যাত্ৰী আহত হোৱাৰ কথা জানিব পৰা গৈছে ৷ ইতিমধ্যে আহতসকলক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷