অসম

assam

ETV Bharat / state

বানত হ’ব সাহয়: পানীতো চলাব পৰা চাইকেল উদ্ভাৱন অসমীয়া ছাত্ৰৰ - Aqua Cycle in Assam - AQUA CYCLE IN ASSAM

Invention by Sivasagar student: নালাগে বাব ব’ঠা ৷ পেডেল মাৰি মাৰি পাৰ হ’ব পাৰিব পানী ৷ শিৱসাগৰৰ শুভাশীষে লাঘৱ কৰিব বন্যাৰ্তৰ কষ্ট ৷ চৰকাৰৰ অকণমান সহায়ে দিব এক নতুন মাত্ৰা ৷

Invention by Sivasagar student
পানীত চলাব পৰা চাইকেল উদ্ভাৱন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 9:58 PM IST

আমগুৰি, 12 জুন: বাৰিষা বুলিলে বান আৰু বান বুলিলেই যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ৷ নৈপৰীয়াৰ বাবেতো নাওখনেই একমাত্ৰ ভৰষা ৷ অৱশ্যে গুৱাহাটীৰ দৰে মহানগৰতো একেই অৱস্থা হয় ৷ কিন্তু এতিয়া আৰু বৰ বিশেষ চিন্তা কৰিব নালাগে ৷ পেডেল মাৰিয়েই গৈ থাকিব পাৰিব পানীত ৷ বাব নালাগে ব’ঠা ৷

পানীত চলাব পৰা চাইকেল উদ্ভাৱন (ETV Bharat Assam)

শিৱসাগৰৰ এগৰাকী বিশেষ যুৱক ৷ নাম তেওঁৰ শুভাশীষ শৰ্মা ৷ উদ্ভাৱনৰ প্ৰতি সাংঘাতিক টান আছে শিৱসাগৰ কালুগাঁও শলগুৰিৰ যুৱক শুভাশীষৰ ৷ বানৰ সময়ত হোৱা ৰাইজৰ নাজল-নাথল অৱস্থা দেখি কিবা কৰাৰ কথা ভাবিলে ছাত্ৰগৰাকীয়ে ৷ বহু চিন্তা-চৰ্চাৰ অন্তত সেয়ে বাণিজ্যৰ ছাত্ৰগৰাকীয়ে উদ্ভাৱন কৰিলে এইখন বিশেষ চাইকেল ৷ যিখন চাইকেল পানীতো চলাব পাৰিব ৷

লগতে পঢ়ক:কি নতুন উদ্ভাৱনত ব্যস্ত বিশ্বৰ চিনাকি উদ্ভৱ ভৰালী ?

বিশবছৰীয়া ছাত্ৰগৰাকীয়ে নিজা উদ্ভাৱনী শক্তিৰ জৰিয়তে এই পৰ্যন্ত উদ্ভাৱন কৰিছে ২৫ৰো অধিক সা-সৰঞ্জাম । সাধাৰণ ৰাইজৰ সুবিধা হোৱাকৈ উদ্ভাৱন কৰিছে পাচলি কটা যন্ত্ৰ, মৰণা মৰা মেচিন, ৰাইচ থ্ৰেচাৰ, ইনকিউবেটৰ, উচ্চতা জোখা যন্ত্ৰ আদি ৷ শেহতীয়াকৈ পানীত চলাব পৰা চাইকেল নিৰ্মাণ কৰি বিশেষভাৱে চৰ্চালৈ আহিছে শুভাশীষ শৰ্মা ৷

লগতে পঢ়ক:বিৰল উদ্ভাৱন ! টোপনি আহিলেই সংকেট দিব চশমাই

ছাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁ এদিন বাহিৰৰ দেশৰ এখন এনে চাইকেল দেখিছিল ভিডিঅ’ৰ জৰিয়তে ৷ তাৰ পিচৰে পৰা নিজে এখন পানীত চলাব পৰা চাইকেল নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল ৷ প্ৰথম অৱস্থাত সেয়া নিজৰ ভাললগাৰ বাবে আছিল যদিও পিচলৈ সেয়া কাৰোবাৰ সহায় হ’ব পৰাকৈ তেওঁ এই বিশেষ চাইকেলখন নিৰ্মাণ কৰে ৷

মানুহৰ কল্যাণৰ বাবে ইটোৰ পিচত সিটো উদ্ভাৱন কৰি আহিছে ছাত্ৰগৰাকীয়ে ৷ এইখিনি কৰিবলৈ যাওতে যথেষ্ট অৰ্থৰো প্ৰয়োজন হয় ৷ সেয়ে চৰকাৰৰ পৰা কিছু সহায়ৰ আশা কৰিছে বিশেষ ছাত্ৰগৰাকীয়ে ৷

লগতে পঢ়ক:ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে কম খৰচী ড্ৰায়াৰ উদ্ভাৱন

ABOUT THE AUTHOR

...view details