অসম

assam

পকীৰ চোতালত সংস্থাপিত হ’ল ৰূপকোঁৱৰৰ কন্যাই জীৱন্ত বুলি অভিহিত কৰা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 10:57 PM IST

তেজপুৰ তথা জিলাখনৰ ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অৱসান ঘটাই অৱশেষত প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বীৰেন সিংহৰ দ্বাৰা নিৰ্মিত তেজপুৰৰ ঐতিহাসিক "পকী" অৰ্থাৎ অসম চৰকাৰৰ জ্যোতি ভাৰতীৰ চোতালত সংস্থাপিত হ’ব লগা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিটো বৃহস্পতিবাৰৰ পুৱা আহি পালেহি "পকী" ৰ চোতাল ।

statue of Jyoti Prasad Agarwala to be inaugurated on 10th march by assam cm in tezpur
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি

তেজপুৰ, ২৯ ফেব্ৰুৱাৰী : ৰাজ্যখনৰ প্ৰখ্যাত ভাস্কৰ্য শিল্পী বীৰেন সিংহই শোণিতপুৰ জিলা প্ৰশাসনৰ জৰিয়তে যোৱা অক্টোবৰ মাহত গুৱাহাটীত নিৰ্মাণকাৰ্য আৰম্ভ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিৰ ৷ অসমৰ ভিতৰতে একক আৰু অনন্য হিচাপে পৰিগণিত হ’বলগীয়া এই ব্ৰঞ্জৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিটোৰ নিৰ্মাণত বীৰেন সিংহৰ ভাতৃ তথা কমল সিংহ সৈতে আন কেবাগৰাকীও ভাস্কৰ্য শিল্পী জড়িত আছিল ৷ প্ৰতিমূৰ্তিটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিচত গুৱাহাটীৰ পৰা কঢ়িয়াই অনা হয় ৷ তেওঁৰ কন্যা জ্ঞানশ্ৰী আগৰৱালাই প্ৰত্যক্ষ কৰি আজিলৈকে নিৰ্মাণ হোৱা প্ৰতিমূৰ্তিসমূহৰ ভিতৰত এইটো আটাইতকৈ জীৱন্ত ৰূপত প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে ।

এনে মন্তব্যই স্বাভাৱিকতে এগৰাকী শিল্পীক অনুপ্ৰাণিত কৰে বুলি মন্তব্য কৰি প্ৰতিমূৰ্তিটো নিৰ্মাণৰ প্ৰাকমুহূৰ্তত কোনো ঠাইৰ পৰাও জ্যোতিপ্ৰসাদ আগৰৱালা থিয় হৈ থকাৰ ফটো নোপোৱাৰ পিচত একমাত্ৰ ধাৰণাৰ ওপৰতেই এইটো নিৰ্মাণ সম্পূৰ্ণ কৰা হয় বুলি কয় । আনহাতে এই প্ৰতিমূৰ্তিটো মাটিৰ তলত থৈ দিলেও এহেজাৰ বছৰলৈকে কোনো হানি বিঘিনি নঘটে বুলিও কমল সিংহই মন্তব্য কৰে ৷

উল্লেখ্য যে, ২৪ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা সুন্দৰ প্ৰতিমূৰ্তিটো অহা ১০ মাৰ্চত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উন্মোচন কৰিব ৷ তেজপুৰৰ খ্যাতিসম্পন্ন চিত্ৰ-ভাস্কৰ্য শিল্পী মৃগেন কলিতাই অতি নান্দনিক ৰূপত নিৰ্মাণ কৰা পকীৰ মূল তোৰণখনো উদ্ঘাটন কৰা হ’ব সেইদিনাই ৷ শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ বিশেষ তৎপৰতাত ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পিচত কেনেদৰে পকীৰ আধুনিকীকৰণৰ লগতে এই কামসমূহ ইতিমধ্যে সম্পন্ন হৈছে সেই সন্দৰ্ভত উল্লেখ কৰে ৷ অসম চৰকাৰৰ পকী উন্নীতকৰণৰ অভিলাষী প্ৰকল্পৰ অংশ হিচাপে ইতিমধ্যে নতুনকৈ কাৰ্যালয় গৃহও নিৰ্মাণ হৈ উঠিছে আৰু একেলগে তিনিওটা নৱনিৰ্মিত সম্পদ ১০ মাৰ্চত অসমৰ মুখ্যমন্ত্ৰীৰ তেজপুৰৰ কাৰ্যসূচীৰ সময়তে শুভাৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :বিশিষ্ট আলোক শিল্পী কল্যাণ দে’ক "ভোলা কলিতা সোঁৱৰণী বঁটা" প্ৰদান

ABOUT THE AUTHOR

...view details