অসম

assam

ETV Bharat / state

৫ কুইন্টল ওজনৰ ৮ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি - STATUE OF LACHIT BORPHUKAN

লাচিত দিৱসত চতিয়াত স্থাপন কৰা হ'ব লাচিত বৰফুকনৰ ৫ কুইন্টল ওজনৰ ৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি । শুকুৰবাৰে বিশাল শোভাযাত্ৰাৰে লৈ অনা হয় প্ৰতিমূৰ্তিভাগ ।

Statue of 8 feet tall Lachit Borphukan weighing 5 quintals to be installed at Sootea
৫ কুইন্টল ওজনৰ ৮ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 4:13 PM IST

চতিয়া: বিশাল শোভাযাত্ৰাৰে ৫ কুইন্টল ওজনৰ ৮ ফুট উচ্চতাৰ লাচিতৰ প্ৰতিমূৰ্তি লৈ জামুগুৰিহাট আৰু চতিয়াত দেখা পোৱা গ’ল ব্যাপক উৎসাহ আৰু উদ্দীপনা । যুৱ উদ্যোগী নীৰজ নিশিম হাজৰিকাৰ প্ৰচেষ্টাত জামুগুৰিহাটৰ শান্তিপুৰস্থিত কন্যকা মাৰ্কেটিং ছ’চাইটিৰ সন্মুখভাগত অহা লাচিত দিৱসৰ দিনটোতে সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে স্থাপন কৰা হ’ব এই বৃহৎ প্ৰতিমূৰ্তি । সেই উদ্দেশ্যে ভাস্কৰ্য শিল্পী মনজিৎ হাজৰিকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই প্ৰতিমূৰ্তিভাগ এইদৰেই সন্মুখত গজৰাজ আৰু পুষ্পসজ্জিত বাহনত জাতীয় সাজপাৰ পৰিধান কৰি বৃহৎ শোভাযাত্ৰাৰে লৈ অহা হয় কন্যকা মাৰ্কেটিং ছ’চাইটিৰ সন্মুখলৈ ।

ইয়াৰ পিছতেই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত অৱস্থিত মাৰ্কেটিং ছ’চাইটিৰ সন্মুখত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত প্ৰতিষ্ঠা কৰা হয় লাচিতৰ প্ৰতিমূৰ্তিভাগ ৷ হাজাৰ হাজাৰ লোকৰ উপস্থিতিত প্ৰতিমূৰ্তি ভাগ প্ৰতিষ্ঠাৰ পিছত বিধায়ক হাজৰিকাই উদ্যমী যুৱক নীৰজ নিশিম হাজৰিকাৰ এই প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে অসমীয়া জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিতৰ নিভাঁজ দেশপ্ৰেম তথা বীৰত্বক সৰোগত কৰি অনাগত দিনত অসমীয়া জাতিটো আগবাঢ়িব লাগিব বুলিও মত পোষণ কৰে ৷

৫ কুইন্টল ওজনৰ ৮ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি (ETV Bharat Assam)

বিধায়কগৰাকীয়ে কয়,"সকলো জাতি-জনগোষ্ঠীৰ লোকক লগত লৈ নেতৃত্ব দি এইখন অসম ৰক্ষাৰ বাবে তেওঁ যুঁজ দিছিল । অসমীয়াৰ প্ৰভুত্ব বীৰ লাচিত বৰফুকনে ৰক্ষা কৰিছিল । গতিকে আমি সকলো অসম মাতৃৰ সন্তানে তেওঁক লৈ গৌৰৱ কৰোঁ । তেওঁৰ স্মৃতি চিৰ যুগমীয়া কৰিবৰ কাৰণে আমাৰ ইয়াত যিহেতু কোনো প্ৰতিমূৰ্তি স্থাপন হোৱা নাছিলে, গতিকে এই পদক্ষেপটো আদৰণীয় ।"

লগতে পঢ়ক:আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টলৈ আহি তেজপুৰত কি কি পৰ্যটনস্থলী পৰিদৰ্শন কৰিব ?

ABOUT THE AUTHOR

...view details