গুৱাহাটী, ১১ মে’ :অসমক সুৰাপ্ৰধান ৰাজ্য কৰিহে এৰিব যেন ৰাজ্য চৰকাৰে । সমাজে কয়- সুৰামুক্ত হওক সমাজ । অসম চৰকাৰে সুৰা দোকানীক হেঁচা দিয়ে সুৰাৰ বিক্ৰী বৃদ্ধি কৰক । সুৰাৰ প্ৰচলনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ ভূমিকাই ৰাজ্যত সকলোৰে চকু কপালত তুলিছে ।
ৰাজ্যত সুৰা বিক্ৰীৰ পৰিমাণ বৃদ্ধিৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে । অসম চৰকাৰৰ আজৱ কাণ্ড । প্ৰায় প্ৰতি মাহে ১০০০ কোটিকৈ ঋণ লোৱা ৰাজ্য চৰকাৰে ৰাজকোষৰ নাটনি জোৰা মাৰিবলৈ প্ৰথমে বৃদ্ধি কৰিলে সুৰাৰ দাম ৷ সুৰাৰ দামবৃদ্ধিৰ পিচত এতিয়া কমিবলৈ ধৰিছে সুৰাৰ বিক্ৰী । সেয়ে এইবাৰ অসম চৰকাৰৰ আবকাৰী বিভাগে সুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ আদেশ জাৰি কৰিছে ।
ইতিমধ্যেই ৰাজ্যৰ চহৰে-নগৰে, গাঁৱে-ভূঞে সুৰাৰ দোকানৰ সংখ্যা বৃদ্ধি কৰি, সুৰাৰ দাম বঢ়াই চৰকাৰে ৰাজহ বৃদ্ধিৰ চেষ্টা চলাই আহিছে যদিও ৰাজ্যত ক্ৰমে হ্ৰাস পাইছে সুৰা বিক্ৰী । বহুল পৰিমাণে সুৰানিৰ্ভৰ অৰ্থনীতি গঢ়িবলৈ গৈ এয়া যেন বুমেৰাং হৈ পৰিছে অসম চৰকাৰৰ বাবে ৷
ৰাজহ বৃদ্ধিৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ আবকাৰী বিভাগে কি কি কৰিছে ?
অসমৰ গাঁও-ভূঁই, চহৰ-নগৰত ব্যাপক সংখ্যাত সুৰাৰ দোকান বৃদ্ধি ৷ বৃদ্ধি কৰিছে বিলাতী সুৰাৰ দাম । শেহতীয়াকৈ সুৰাৰ দাম ১০-২০ শতাংশ পর্যন্ত বৃদ্ধি কৰিছে । ৰাজ্যত ৮ মাহৰ ভিতৰতে দুবাৰকৈ বিলাতী সুৰাৰ দাম বৃদ্ধি কৰা হয় । সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ মাচুল বৃদ্ধি কৰিছে । ৪ হাজাৰ ৫০০ কোটিলৈ আবকাৰী ৰাজহ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । কিন্তু সুৰাৰ দাম বৃদ্ধি কৰাটো এতিয়া বুমেৰাং হৈ পৰিছে ৰাজ্য চৰকাৰৰ বাবে ৷
সুৰাৰ দাম বৃদ্ধিৰ পিচত অসমত হ্ৰাস হৈছে সুৰাৰ বিক্ৰী ৷ যাৰ ফলত আবকাৰী ৰাজহ হ্ৰাস হোৱাত উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ । সুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ দিছপুৰত বহিছে বৈঠক । আবকাৰী আয়ুক্তই সুৰা বিক্ৰী বৃদ্ধি কৰিবৰ বাবে দিছে বিশেষ নিৰ্দেশনা ।
কিয় উদ্বিগ্ন ৰাজ্য চৰকাৰ ?
এফালে আবকাৰী ৰাজহ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে কৰিবলগীয়া সকলো কৰিছে । তেনে সময়তে চৰকাৰৰ উদ্বিগ্নতাৰ কাৰণ হৈছে ২০২৩ৰ এপ্ৰিললৈ ৰাজ্যত বিক্ৰী হোৱা সুৰাৰ পৰিমাণতকৈ ২০২৪ৰ, অৰ্থাৎ এই বছৰৰ এপ্ৰিলত বিক্ৰী হোৱা সুৰাৰ পৰিমাণ কম । অসমৰ বিভিন্ন জিলাৰ খুচুৰা সুৰা বিক্ৰেতাসকলে বণ্ডৰ পৰা ক্ৰয় কৰা সুৰাৰ পৰিমাণ ২০২৩ৰ তুলনাত ২০২৪ৰ এপ্ৰিলত হ্ৰাস পাইছে । যাৰ ফলত কৈফিয়তৰ সন্মুখীন হোৱাৰ পূৰ্বেই আগতীয়াকৈ ৰাজ্যৰ আবকাৰী আয়ুক্ত জিতু দলেই যোৱা ৪ মে’ত আবকাৰী অধীক্ষকসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্সৰ আয়োজন কৰে ।
আবকাৰী বিভাগ উদ্বিগ্ন হোৱাৰ কাৰণটো হ’ল- যোৱা বছৰত ৰাজ্যত বিলাতী সুৰাৰ বিক্ৰী ২৯.২২ শতাংশ হ্ৰাস পায় । একেদৰে ২০২৩ বৰ্ষটোত বীয়েৰ বিক্ৰীৰ পৰিমাণো ২৫.১০ শতাংশ হ্ৰাস পায় । অৱশ্যে বিলাতী সুৰা আৰু বীয়েৰৰ খুচুৰা বিক্ৰী হ্ৰাস পালেও উক্ত সময়ছোৱাত দেশীয় সুৰাৰ বিক্ৰী ২১.১১ শতাংশ বৃদ্ধি পাইছে ।