যোৰহাট :চাৰিদিনীয়া কাৰ্যসূচীৰে যোৰহাটত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ শুকুৰবাৰে আছিল দ্বিতীয়টো দিন । গুৰুজনাৰ বাণীৰে মুখৰিত হৈ পৰিছে যোৰহাটৰ ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । জনসমুদ্ৰৰে এক সমন্বয়স্থলীলৈ পৰ্যৱসিত হৈছে এই সোণাৰাম চুতীয়া ক্ষেত্ৰ ।
অধিৱেশনত সমাগম ঘটা ভক্তসকলক আপ্যায়নৰ বাবে প্ৰয়োজনীয় সিদ্ধ বনাবলৈ আৰু পৰিবেশন কৰিবলৈ বৃহৎ আকাৰৰ ৰন্ধনশাল আৰু ভোজনালয় আছে । আনহাতে, ৰন্ধনশালৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী মজুতৰ বাবে বৃহৎ আকাৰৰ খাদ্য ভঁৰাল তৈয়াৰ কৰা হৈছে ।
শংকৰদেৱ সংঘৰ অধিৱেশনত এদিনত কিমান ভক্তই খাদ্য গ্ৰহণ কৰে ? (ETV Bharat Assam) এই খাদ্য ভঁৰালত উভৈনদী কৰি ৰখা হৈছে চাউলৰ পৰা আদি কৰি সকলো ধৰণৰ খাদ্য সামগ্ৰী । ইয়াৰ পৰাই ৰন্ধনশাললৈ যোগান ধৰা হয় প্ৰয়োজনীয় খাদ্য সামগ্ৰী । এই খাদ্য সামগ্ৰীৰ দায়িত্বত থকা সভাপতিৰ লগতে তেওঁৰ সহযোগীসকলে দিন-ৰাতি একাকাৰ কৰি ২৪ ঘণ্টাই কাম কৰি আছে ।
মজুত কৰা খাদ্য সামগ্ৰী (ETV Bharat Assam) কিমান সাঁজ খাদ্যৰ ব্যৱস্থা কৰিছে খাদ্য সমিতিয়ে
উত্তৰ-পূব ভাৰতৰ ভকত বৈষ্ণৱসকলক সেৱা কৰিব বাবে অধিৱেশনৰ চাৰিটা দিনত মুঠ ৮ সাঁজ সিদ্ধৰ ব্যৱস্থা কৰা হৈছে । দিনটোৰ দুটা সাঁজৰ ভিতৰত এটা সাঁজত ৫০ হাজাৰকৈ মুঠ ১ লাখ ভক্তই সিদ্ধ গ্ৰহণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
মজুত কৰা খাদ্য সামগ্ৰী (ETV Bharat Assam) কেন্দ্ৰীয় ভঁৰালৰ দায়িত্বত থকা সভাপতিগৰাকীয়ে জনোৱা মতে, এটা দিনত ভকত-বৈষ্ণৱৰ খাদ্যৰ বাবে ৭ টন চাউল, ১ টন দাইল, এহাজাৰ লিটাৰ মিঠাতেল, ডেৰ কুইণ্টল নিমখ আৰু ৩.৫ মেট্ৰিক টন শাক-পাচলিৰ প্ৰয়োজন হয় । ইয়াৰ লগতে অন্যান্য সামগ্ৰীও প্ৰয়োজন অনুসৰি লাগে । এইসমূহ ৰান্ধিবলৈ ২৪ ঘণ্টাই জ্বলিছে দুশটা চৌকা ৷
মজুত কৰা পাচলি (ETV Bharat Assam) প্ৰতিদিনে কিমান খাদ্য সামগ্ৰীৰ প্ৰয়োজন
এই সন্দৰ্ভত কেন্দ্ৰীয় খাদ্য ভঁৰালৰ সভাপতিগৰাকীয়ে কয়, "আমাৰ এই অধিৱেশনস্থলীত আমি আঠ সাঁজ অন্ন আমাৰ উত্তৰ-পূব ভাৰতৰ পৰা অহা ভকত-বান্ধৱসকলক খুৱাব লাগিব । প্ৰতিদিনে দুটা সাঁজত আমাৰ এক লাখকৈ মানুহে খাব । ৫০ হাজাৰ দিনত আৰু ৫০ হাজাৰ ৰাতি । এইটো হ'ল প্ৰথমদিনা আৰু দ্বিতীয়দিনা । তৃতীয়দিনা আমাক চাউল লাগিব ৭ টন, দাইল লাগিব ১ টন, মিঠাতেল লাগিব এহাজাৰ লিটাৰ, নিমখ লাগিব ডেৰ কুইণ্টল আৰু পাচলি লাগিব ৩.৫ মেট্ৰিক টন । এনেই সাধাৰণতে ৭ টন চাউল লাগে, ৫০০ কেজি দাইল লাগে, ৮০ কেজি নিমখ লাগে আৰু প্ৰায় ১৫০ লিটাৰ মিঠাতেল লাগে আমাক । আমাক পাচলি লাগে ৩.২ মেট্ৰিক টন । এনেদৰে আমি আগবাঢ়িছো ।"
মজুত কৰা খাদ্য সামগ্ৰী (ETV Bharat Assam) ক'ৰ পৰা কেনেদৰে সংগ্ৰহ কৰা হৈছে এই বিশাল পৰিমাণৰ খাদ্য ভাণ্ডাৰ
সভাপতিগৰাকীয়ে কয়, "ভকতসকলে আমাক দিছে । আৰু আমাৰ দাতা আছে । যোৰহাটৰ স্বনামধন্য ব্যৱসায়ী প্ৰফুল্ল গগৈ বাপে আমাক কাইলৈৰ কাৰণে অধিকাংশ আহাৰ দিছে । তাত তেখেতে উন্নতমানৰ দ্ৰব্য আমাৰ ভকতে খাবৰ কাৰণে দিছে । বাকী আমাৰ অজন্তা বাইদেউৰ সাঁজটো আজি ৰাতিলৈ আছে । তেখেতে ৭ টন চাউল, চাৰে তিনি টন পাচলি, ৫০০ কেজি দাইল দিছে ।"