অসম

assam

ETV Bharat / state

শালমৰা চাহ বাগিচাৰ সুৰা ট্ৰেজেডী : শতাধিক পৰিয়ালে আজিও নাপালে ন্যায়

Assam hooch tragedy : পাঁচ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো গোলাঘাটৰ শালমৰা চাহ বাগিচাৰ সুৰা ট্ৰেজেডীৰ ভুক্তভোগী শতাধিক পৰিয়ালে আজিও নাপালে ন্যায় ৷ বিষাক্ত সুৰা সেৱন কৰি মৃত্যুমুখত পৰিছিল চাহ বাগিচাখনৰ প্ৰায় ডেৰ শতাধিক লোক ৷

Assam hooch tragedy
সুৰা ট্ৰেজেডী

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 5:19 PM IST

Updated : Feb 21, 2024, 5:24 PM IST

শতাধিক পৰিয়ালে আজিও নাপালে ন্যায়

গোলাঘাট, 21 ফেব্ৰুৱাৰী : সুৰা ট্ৰেজেডীৰ ভুক্তভোগী শতাধিক পৰিয়ালে আজিও নাপালে ন্যায় ৷ ঘটনাৰ পাঁচ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো আদালতৰ মজিয়াত লেহেমীয়া গতিত চলিছে ন্যায় প্ৰক্ৰিয়া ৷ আজিও মৰিশালি সদৃশ পৰিৱেশ গোলাঘাটৰ শালমৰা চাহ বাগিচাত ৷ আজিও নিস্তব্ধতা-নীৰৱতাই বিৰাজ কৰিছে শালমৰা চাহ বাগিচাত ৷ আজিৰ দিনটোতেই বিষাক্ত সুৰা সেৱন কৰি মৃত্যুমুখত পৰিছিল চাহ বাগিচাখনৰ প্ৰায় ডেৰ শতাধিক লোক ৷ অভিশপ্ত সেই ভয়ংকৰ দিনটোৰ কথা সুঁৱৰি আজিও আতংকিত হৈ পৰে বাগিচাখনৰ বহুলোক ৷

এই সুৰা ট্ৰেজেডীত বহু পৰিয়াল একপ্ৰকাৰ কোঙা হোৱাৰ লগতে বহু পৰিয়াল ধ্বংসৰ মুখত পৰিবলগীয়া হ’ল ৷ প্ৰায় ডেৰ শতাধিক লোকে প্ৰাণ হেৰুওৱা এই শোকাৱহ ঘটনাই একপ্ৰকাৰ মৰিশালি স্বৰূপ কৰি পেলাইছিল শালমৰা চাহ বাগিচা ৷ এই সুৰা কাণ্ডৰ ফলত একাংশ মৃত্যুমুখত পৰাৰ লগতে বহু লোক শাৰিৰীকভাৱে অসুস্থ হৈ পৰিল ৷ বাগিচাখনৰ বহু পৰিয়ালৰ শিশু ঘাট মাউৰাও হ’ব লগা হ’ল ৷ এই ঘটনাৰ গোচৰ ৰুজু হয় যদিও আজিও ন্যায় নাপালে ভুক্তভোগী পৰিয়ালে ৷

গোলাঘাটৰ সত্ৰ ন্যায়ধীশ আদালত আৰু যোৰহাট সত্ৰ ন্যায়ধীশ আদালতত চলি থকা এই ঘটনাৰ গোচৰত গোলাঘাটত 41 জন অভিযুক্ত আৰু যোৰহাটত 21 জন অভিযুক্ত চিনাক্ত হ’ল যদিও আদালতত লেহেমীয়া গতিত চলিছে বিচাৰ প্ৰক্ৰিয়া ৷ উল্লেখ্য যে বিষাক্ত মিথানল দি প্ৰস্তুত কৰা চুলাই মদ সেৱন কৰাৰ বাবেই মৃত্যুমুখত পৰিছিল চাহ বাগিচাখনৰ প্ৰায় ডেৰ শতাধিক লোক ৷ 2019 চনৰ 21 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এই শোকাৱহ ঘটনা ৷


লগতে পঢ়ক :তন্ত্ৰ-মন্ত্ৰ, বেজালিৰ বিৰুদ্ধে দাখিল হ’ল বিধেয়ক

Last Updated : Feb 21, 2024, 5:24 PM IST

ABOUT THE AUTHOR

...view details