অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈকে স্মাৰক পত্ৰ পঠিয়ালে ক্ষুব্ধ প্ৰতিবন্ধীয়ে - SPECIALLY ABLED PEOPLE PROTEST

ন্যাৰ্যপ্ৰাপ্তিৰ দাবীত প্ৰতিবন্ধীসকলে কঁপালে চচলৰ প্ৰতিবাদস্থলী ।

Specially abled people Chachal protest site demanding access to justice
ন্যাৰ্যপ্ৰাপ্তিৰ দাবীত প্ৰতিবন্ধীসকলে কঁপালে চচলৰ প্ৰতিবাদস্থলী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 8:49 PM IST

গুৱাহাটী: প্ৰধানমন্ত্ৰী অসমত থকা দিনটোতে ন্যাৰ্যপ্ৰাপ্তিৰ দাবীৰে প্ৰতিবন্ধীৰ প্ৰতিবাদত উত্তাল হৈ পৰিল গুৱাহাটীৰ ধৰ্ণাস্থলী চচল । সাংবিধানিক অধিকাৰ আৰু আইনী সা-সুবিধা বিচাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ প্ৰতিবন্ধী লোকে প্ৰতিবাদ সাব্যস্ত কৰি আন সাধাৰণ মানুহৰ দৰে প্রতিবন্ধীসকলকো সমান দৃষ্টিৰে চাবলৈ চৰকাৰক আহ্বান জনায় । প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, প্ৰতিবন্ধী আজি ৰাজপথত হিমন্ত তোমাৰ কাম নাই, হয় আমাক প্ৰাপ্য দিয়ক নহয় আমাক গুলীয়াই মাৰক আদি শ্ল’গানেৰে চচলৰ ৰাজপথ উত্তাল কৰি তোলে ।

সংগঠনটোৱে চচলৰ ধৰ্ণাস্থলীৰ পূৰ্বে ছয়মাইলৰ ৰাজপথেৰে শ্ল’গান দি সমদল কৰি আহে । প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ আহ্বানত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবন্ধী লোকসকলে প্ৰতিবন্ধী আইন ২০১৬ৰ ২৪নং দফা অনুসৰি দিব্যাংগ পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন কৰা, চৰকাৰী তথ্যমতে ২০১৭ চনলৈ বেকলগ হোৱা ৪৪১৯ টা পদৰ ৮৬৩ টা বাদ দি বাকীসমুহ পদ পূৰণ কৰা আদিৰ দাবী উত্থাপন কৰে ।

ন্যাৰ্যপ্ৰাপ্তিৰ দাবীত প্ৰতিবন্ধীসকলে কঁপালে চচলৰ প্ৰতিবাদস্থলী (ETV Bharat Assam)

প্ৰতিবাদস্থলীত উপস্থিত থকা প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে কয় যে এই চৰকাৰে প্ৰতিবন্ধীসকলক বাৰে বাৰে হেয়জ্ঞান কৰি আহিছে । মালাকাৰে লগতে কয়, "ইমান উন্নয়নৰ কথা কোৱা চৰকাৰখনে আজি প্ৰতিবন্ধীসকলক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে । সমস্যা সমাধানটো দূৰৈৰে কথা, লিখিত আশ্বাস দি ডিচেম্বৰ ২০২৪ৰ ভিতৰত কৰিবলগীয়া সভাখনেই আজিলৈ অনুষ্ঠিত নকৰিলে । ইয়াৰ পৰা এইটোৱে স্পষ্ট যে প্ৰতিবন্ধীৰ সমস্যাসমূহ আগন্তুক নিৰ্দিষ্ট সময়ৰ ভিতৰত সমাধান নহ'লে চৰকাৰে ভয়াবহ আন্দোলনৰ মুখামুখি হবলৈ সাজু হব লাগিব ।"

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে আৰু শীঘ্ৰে সমস্যাসমূহ সমাধান নহ'লে ৭ মাৰ্চত জনতা ভৱন ঘেৰাও কৰাৰ হুংকাৰ দিয়ে । স্মাৰকপত্ৰৰ প্ৰতিলিপি নতুন দিল্লীৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈও প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক:কিয় এডভাণ্টেজ অসম নিবিচাৰে এখন গাঁৱৰ ৰাইজে ? - ADVANTAGE ASSAM 2

পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন-অস্থায়ী মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ ৭২ ঘণ্টীয়া ধর্মঘট - POWER WORKERS PROTEST

ABOUT THE AUTHOR

...view details