লখিমপুৰ, 8 জুলাই : মেধাবী ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ বাবে সোমবাৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাই এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে ৷ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা এই বিশেষ অভিনন্দন অনুষ্ঠানত জিলাখনৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত নব্বৈ শতাংশৰো অধিক নম্বৰ লাভ কৰা 412 গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ক্ষীৰোদ দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত এই অভিনন্দন সভাখনৰ আঁত ধৰি উদ্দেশ্য ব্যাখা কৰে জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক পুনম জ্যোতি বুঢ়াগোহাঁয়ে ৷
সভাখন উদ্বোধন কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ লোহিত হাজৰিকাই ৷ সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নয়নজ্যোতি গগৈ, ক্ৰীড়া সম্পাদক সীমান্ত নেওগ, জিলাৰ উপদেষ্টা ফৰিদুৰ ৰহমান, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকা, লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দীপালী হাজৰিকা, অসম উন্নতি সভাৰ জিলা সভাপতি বাবুল চন্দ্ৰ চুতীয়া আদি কেবাজনো লোকে অংশগ্ৰহণ কৰে ৷