কাজিৰঙা : বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুকুত আশ্ৰয় লৈ আছে এটা খৰ্গ থকা গঁড়, ঢেকীয়াপতীয়া বাঘ,হাতী,ম’হ, দলহৰিণৰ লগতে বিভিন্ন সৰীসৃপ আৰু জলচৰ প্ৰাণীয়ে । পৰ্যটনথলী হিচাপে বিশ্ব মানচিত্ৰত স্থান লাভ কৰিবলৈ সক্ষম হোৱা কাজিৰঙালৈ বহু দেশী-বিদেশী পৰ্যটকৰ আগমণ ঘটে ৷ ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী নিচেই ওচৰৰ পৰা দেখা পাই আপ্লুত হয় পৰ্যটকসকল ৷ কিন্তু ইয়াৰ মাজতেই কাজিৰঙাত আতংকৰ সৃষ্টি কৰে চোৰাং চিকাৰীয়ে ৷
চোৰাং চিকাৰী ৰোধিবলৈ চৰকাৰে আৰক্ষী-বন বিভাগৰ লোকক সষ্টম কৰাৰ লগতে নিয়োজিত কৰিছে স্নিফাৰ কুকুৰ ৷ বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত এই স্নিফাৰ কুকুৰবোৰে চিকাৰীৰ সন্ধান উলিওৱাত সক্ষম হয় ৷ এইবাৰ কাজিৰঙাত চলিল ডগ স্কোৱাডৰ কুচকাৱাজ ৷ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত অনুশীলনৰ লগতে কুচকাৱাজ প্ৰদৰ্শন কৰিলে কৰিণা, চুফি, লিয়ন,জুবি আৰু অগ্নি নামৰ চাৰিটকৈ স্নীফাৰ কুকুৰে ৷
এই সন্দৰ্ভত কেএনপি এণ্ড টিআৰৰ ক্ষেত্ৰ সঞ্চালক ডাঃ সোণালী ঘোষে কয়, "কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানকৈ K-9 স্নিফাৰ কুকুৰে সেৱা আগবঢ়াই আছে । এই কুকুৰ স্কোৱাডক বিশেষকৈ দুই ধৰণেৰে ব্যৱহাৰ কৰা হয় । ইয়াৰে এটা হৈছে চোৰাং চিকাৰীক চিনাক্ত কৰি বিচৰা আৰু আনটো হৈছে বন্যপ্ৰাণীৰ চিকাৰীয়ে ব্যৱহাৰ কৰা বা লুকুৱাই থোৱা বন্দুক-গুলীৰ দৰে সামগ্ৰীবোৰ বিচাৰি উলিওৱা । সেইবাবে এই কুকুৰবোৰক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয় । এই কুকুৰ স্কোৱাড সমূহৰ ভিতৰত কৰিণা আটাইতকৈ ডাঙৰ কুকুৰ স্কোৱাড । ইয়াৰ উপৰি ছফি, জুবি আৰু লিয়ন নামৰ কুকুৰ কেইটাক স্কোৱাড প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।"
ইপিনে আৰণ্যকৰ পৰা সৈন্য কুকুৰৰ বাবে এটা স্বাস্থ্য় শিবিৰৰ লগতে প্ৰশিক্ষণ প্ৰদানৰ বাবে দুদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে । আৰণ্যকত বৰ্তমান ১১ টা সৈন্য কুকুৰ আছে । ইয়াৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৩টা সৈন্য কুকুৰ আছে । এই সৈন্য কুকুৰ কেইটাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি থকা চোৰাং চিকাৰীৰ কু-দৃষ্টি আৰু আতংক নিৰ্মূলৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছে । "