তিনিচুকীয়া, ২৪ জুন :তিনিচুকীয়া পৌৰসভাত বিসম্বাদৰ উকমুকনি । লগতে এই কথাও চৰ্চিত হৈছে যে তিনিচুকীয়া পৌৰসভাত পুনৰ দুটা ফৈদৰ সৃষ্টি হৈছে নেকি । পৌৰসভাখনৰ ছয়গৰাকী ৱাৰ্ড সদস্যই সংবাদমেল সম্বোধন কৰি পৌৰপতিৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ পিচতে এই কথা চৰ্চালৈ আহিছে ।
উল্লেখ্য যে তিনিচুকীয়া পৌৰসভাৰ এটা ফৈদে ২২ জুনত অনুষ্ঠিত বোৰ্ড সভাত অনুপস্থিত থকাক লৈ ইতিমধ্যে ব্যাপক চৰ্চা আৰম্ভ হৈছে । তাৰ মাজতে সোমবাৰে তিনিচুকীয়া প্ৰেছ ক্লাবৰ সভাগৃহত ৬ গৰাকীকৈ ৱাৰ্ড সদস্যই পৌৰপতিগৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি এক সংবাদমেল সম্বোধন কৰে ৷
সংবাদমেলত ৮ গৰাকীকৈ ৱাৰ্ড সদস্যই স্বাক্ষৰ কৰা আৰু কেইবাটাও অভিযোগ সন্নিৱিষ্ট এখন স্মাৰকপত্ৰ সোমবাৰে তিনিচুকীয়া জিলাৰ অতিৰিক্ত আয়ুক্তক প্ৰদান কৰা বুলিও উল্লেখ কৰে । লগতে পৌৰপতিগৰাকীয়ে ৱাৰ্ড সদস্যসকলক অপমান কৰি জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে বুলিও উল্লেখ কৰে ৷ আনহাতে, সংবাদমেলত তেওঁলোকৰ অভিযোগ, বোৰ্ড সভাত সিদ্ধান্ত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰাৰ বিপৰীতে বাহিৰত হোৱা আলোচনা অনুসৰিহে কাম কৰে ৷