অসম

assam

বণ্ড চাইন অভিযান: কোন সংগঠনৰ নেতালৈ প্ৰশাসনৰ চমন ? - Bond Sign Campaign

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 2:23 PM IST

Summons to leaders of several organisations : শিৱসাগৰত আইন-শান্তি শৃংখলা ভংগ কৰাৰ শংকা প্ৰকাশ কৰি মিঞা খেদা অভিযানৰ নেতৃত্ব লোৱা ২৭গৰাকী নেতালৈ চমন জাৰি । ইয়াৰ পিচতেই কেইবাগৰাকী সংগঠনৰ নেতাই কৰিলে বণ্ড চাইন ।

Summons to leaders of several organisations
শিৱসাগৰত প্ৰশাসনৰ বণ্ড চাইন অভিযান (ETV Bharat Assam)

শিৱসাগৰ, ২৬আগষ্ট:ৰাজ্য়ত ক্ৰমাৎ খিলঞ্জীয়া আৰু অবৈধ নাগৰিকৰ লগতে বহিৰাগত লোকৰ মাজৰ সৃষ্টি হোৱা সংঘাতে তীব্ৰতৰ ৰূপ লৈছে । বিশেষকৈ উজনি অসমত এই সংঘাতে জটিল ৰূপ ধাৰণ কৰা দেখা গৈছে । ইতিমধ্য়ে মিঞা মুছলমানক অসমৰ পৰা নিষিদ্ধ কৰাৰ দাবী জনাইছে কেইবাটাও দল-সংগঠনে । আৰম্ভ কৰিছে মিঞা খেদা অভিযান । ইয়াৰ পিচতেই কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ'বলৈ শিৱসাগৰ প্ৰশাসনে কেইবাটাও সংগঠনৰ নেতালৈ জাৰি কৰিছে চমন ।

শিৱসাগৰত প্ৰশাসনৰ বণ্ড চাইন অভিযান (ETV Bharat Assam)

শিৱসাগৰত প্ৰশাসনৰ বণ্ড চাইন অভিযান :

শিৱসাগৰত আইন-শান্তি শৃংখলা ভংগ কৰাৰ শংকা প্ৰকাশ কৰি মিঞা খেদা অভিযানৰ নেতৃত্ব লোৱা একাংশ নেতাৰ বিৰুদ্ধে প্ৰশাসনে আৰম্ভ কৰিছে বণ্ড চাইন অভিযান । ইজনৰ পিছত সিজন জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়ালৈ সোমবাৰে চমন জাৰি কৰিছে প্ৰশাসনে । ইতিমধ্যে চমন জাৰি কৰি প্ৰশাসনে এই নেতাসকলক প্ৰতিবাদ,উত্তেজনাপূৰ্ণ মন্তব্য দিলেই গ্ৰেপ্তাৰৰ লগতে জৰিমনা ভৰিব লাগিব বুলি প্ৰকাশ কৰিছে ।

কোন নেতালৈ চমন জাৰি ?

ভাৰতীয় ন্যায় সুৰক্ষা সংহিতা ১৬৪(১) অনুসৰি চমন জাৰি কৰিছে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা,জাতীয় সংগ্ৰামী সেনা,অসমৰ সভাপতি চিতু বৰুৱা,অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাস,আটাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভাস্কৰ বৰগোঁহাই, জিলা সভাপতি অখিল আহোমকে ধৰি ২৭ গৰাকীকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতালৈ প্ৰশাসনে জাৰি কৰিছে চমন ।

উক্ত চমন জাৰি কৰি শিৱসাগৰৰ কাৰ্যবাহী দণ্ডাধীশ নেকিব চৈয়দ বৰাৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশনা প্ৰদান কৰিছে । ইতিমধ্য়ে কেইবাগৰাকী সংগঠনৰ নেতাই ৰাতিয়েই আহি বণ্ড চাইন কৰিছে দণ্ডাধীশৰ ওচৰত ।

লগতে পঢ়ক:উচটনিমূলক মন্তব্য দিয়াৰ অভিযোগত দিছপুৰত গোচৰ: পুনৰ জে'ললৈ যাবলৈ সাজু শৃংখল - FIR against Shrinkhal Chaliha

শংকৰ সিঙেও উঠাই ল'লে শৃংখলৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ - FIR against Shrinkhal Chaliha

ABOUT THE AUTHOR

...view details