গুৱাহাটী,১৯ ফেব্ৰুৱাৰী :পুনৰ ৰাজপথলৈ ওলাই আহিব গুৱাহাটীৰ শিলসাঁকোৰ উচ্ছেদিত ৰাইজ । দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি এই হুংকাৰ দিয়ে উচ্ছেদিত কেইবাটাও পৰিয়ালে । শিলসাঁকোত প্ৰশাসনৰ উচ্ছেদৰ পিচৰে পৰা এতিয়ালৈ ৫ গৰাকী লোকৰ বিভিন্ন কাৰণত মৃত্যু হৈছে । তাৰ ভিতৰত ৪ গৰাকীৰ মৃত্যুৰ কাৰণ আছিল হৃদৰোগ । উচ্ছেদৰ পিচত মানসিকভাৱে ভাগি পৰাৰ বাবেই এনেদৰে লোককেইজনে অকাল মৃত্যুক আঁকোৱালি লোৱা বুলি অভিযোগ কৰিছে ।
সংবাদমেলত পৰিয়ালকেইটাই হুংকাৰ দি কয় যে চৰকাৰে প্ৰথমে খিলঞ্জীয়া ভূমিপুত্ৰক মাটি দিয়ক তাৰ পিচত কা'ৰ কথা চিন্তা কৰক । চলিত বিধানসভাৰ অধিবেশনত শিলসাঁকোত উচ্ছেদিত পৰিয়ালক চৰকাৰে উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিয়াৰ সিদ্ধান্ত লোৱাৰো দাবী কৰে উচ্ছেদিত লোকসকলে । চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে উচ্ছেদিত ১,২০০ টা পৰিয়ালৰ প্রতিনিধিয়ে দিল্লীত অবিৰত প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে ।
খিলঞ্জীয়াক উচ্ছেদ কৰাৰ পৰিৱৰ্তে শিলসাঁকো অঞ্চলত বহু প্ৰতিষ্ঠানত উচ্ছেদ নচলোৱাক লৈও উদ্বেগ প্ৰকাশ কৰে উচ্ছেদিত লোকসকলে । জিঞ্জাৰ হোটেল, আইডিয়েল হিল ভিউকে ধৰি ১৭ টা প্রতিষ্ঠান ভাঙি দিয়া হ'ব বুলি চৰকাৰে ঘোষণা কৰাৰ পাচতো আজিলৈকে তাত বুলডজাৰ চলাবলৈ চৰকাৰৰ কিয় সাহস নহ'ল তাৰো উত্তৰ বিচাৰিলে উচ্ছেদিত পৰিয়ালৰ সদস্যসকলে ।