অসম

assam

ETV Bharat / state

দুলু আহমেদলৈ কাৰণ দৰ্শোৱাৰ জাননী, সকলো ঠিকেই আছে নে অজাপৰ ভিতৰচ’ৰাত ? - AJP president Lurinjyoti Gogoi

Show Cause Notice To Dulu Ahmed : অসম জাতীয় পৰিষদলৈ অশনি সংকেত । বিসম্বাদ আৰম্ভ হৈছে নেকি অজাপত ? দলৰ নেতৃত্বৰ মাজত সমন্বয় আৰু সহযোগিতাৰ অভাৱ ঘটিছে নেকি ? এই কথা এই কাৰণেই উত্থাপিত হৈছে যে শেহতীয়াভাৱে দলটোৰ উপ-সভাপতি দুলু আহমেদে নিজকে দলটোৰ নিৰ্বাচনী প্ৰাৰ্থী ঘোষণা কৰে । আনহাতে, ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে সাধাৰণ সম্পাদক জগদীশ ভূঞাই দুলু আহমেদলৈ প্ৰেৰণ কৰে কাৰণ দৰ্শোৱাৰ জাননী ।

দুলু আহমেদলৈ কাৰণ দৰ্শোৱাৰ জাননী
দুলু আহমেদলৈ কাৰণ দৰ্শোৱাৰ জাননী

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 1:03 PM IST

Updated : Mar 15, 2024, 1:13 PM IST

গুৱাহাটী, ১৫ মাৰ্চ : টিকটকেন্দ্ৰিক বিতৰ্ক আৰম্ভ হৈছে অসম জাতীয় পৰিষদত । টিকটৰ বাবে বিভাজন হ'ব পাৰে অজাপ দলৰ । ইয়াৰে ইংগিত দিছে দুলু আহমেদৰ বিসম্বাদে । ইতিমধ্যে অজাপৰ তৰফৰ পৰা কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে দুলু আহমেদলৈ ।

কংগ্ৰেছ দলে ১২ টা লোকসভা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে বৰপেটা লোকসভা সমষ্টিত জাহাজৰ প্ৰতীকত তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা সদৰী কৰিছে ৷ যাৰ বাবে অজাপৰ সাধাৰণ ‌সম্পাদক জগদীশ‌ ভূঞাই অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদক শুকুৰবাৰে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে ।

জাননীখনত উল্লেখ কৰা‌ মতে, "কালি ১৩ মার্চ, ২০২৪ তাৰিখ বুধবাৰে এখন সংবাদমেলৰ আয়োজন কৰি আপুনি আসন্ন লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিত দলৰ প্ৰতীক চিহ্নত (অর্থাৎ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে) প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে ৷" লগতে লিখিছে, "সংবাদমেলত আপুনি কৈছে, 'দুলু আহমেদ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী ৷ বাকী আমাৰ দলে কি কৰে কি নকৰে সেইটো মোৰ বিষয়েই নহয় ৷ যেতিয়া নির্বাচন ঘোষণা হ'ব, মই বৰপেটাৰ পৰা প্রার্থিত্ব আগবঢ়াম ৷ আৰু মোৰ দলীয় ছিম্বল হ'ব জাহাজ ৷ মই আজি আপোনালোকক কৈ দিলোঁ' ।"

ইয়াৰ উপৰি লিখা হৈছে, "আপোনাৰ উক্ত বক্তব্য/ঘোষণা অকৰ্তৃত্বশীল আৰু দলীয় শৃঙ্খলাৰ পৰিপন্থী । এই বক্তব্যৰ দ্বাৰা আপুনি দলৰ সংবিধানৰ ১০.৫ ধাৰা উলংঘা কৰিছে ৷ আপোনাৰ বক্তব্যই দলৰ শৃঙ্খলা ভঙ্গ কৰাৰ লগতে দলৰ ভাবমূৰ্তি বিনষ্ট কৰা বুলিও দলৰ নেতৃত্বই অনুভৱ কৰিছে ৷ গতিকে দলৰ শৃঙ্খলা ভংগৰ বাবে আপোনাৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ'ব, এই পত্ৰ লাভৰ ৭ দিনৰ ভিতৰত তাৰ কাৰণ দৰ্শাবলৈ আপোনাক জনোৱা হ'ল ।"

দুলু আহমেদলৈ প্ৰেৰণ কৰা কাৰণ দৰ্শোৱা জাননী

উল্লেখযোগ্য যে যোৱা বুধবাৰে মহানগৰীৰ হোটেল প্লাজা ইনত এক সংবাদমেল সম্বোধন কৰি লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছিল অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে । তেওঁ ‌কৈছিল যে তেওঁ বৰপেটা সমষ্টিৰ পৰাই নিৰ্বাচন খেলিব আৰু প্ৰতীক হ'ব জাহাজ । দলে তেওঁক বঞ্চিত কৰা নাই বুলি‌ মন্তব্য কৰিছিল ।

এতিয়া অজাপৰ সাধাৰণ ‌সম্পাদক জগদীশ‌ ভূঞাই অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ পিছত আহমেদৰ স্থিতি কি হয় সেয়া তাৎপৰ্যপূৰ্ণ হ'ব ।‌

লগতে পঢ়ক :‘অসমবাসীয়ে বিচৰা ধৰণে হ’ব সকলো খবৰ’ বুলি বৃহস্পতিবাৰৰ নিশা কিয় ক’লে লুৰীণে?

Last Updated : Mar 15, 2024, 1:13 PM IST

ABOUT THE AUTHOR

...view details