গুৱাহাটী,১৯ জুন:প্ৰেম কিমান গভীৰ হ'লে এজন ব্যক্তিয়ে নিজক শেষ কৰিব পাৰে ! তাৰ এক উদাহৰণ হ'ল দক্ষ আৰক্ষী বিষয়া শিলাদিত্য চেতিয়া । পত্নীৰ প্ৰতি থকা অকৃত্ৰিম প্ৰেমেই যেন কাল হ'ল শিলাদিত্য চেতিয়াৰ । কিন্তু আত্মহত্যাই জানো প্ৰকৃত প্ৰেমৰ পৰিচয় দিব পাৰে, নে নিসংগতাই আত্মহত্যাৰ পথ বাচি লবলৈ বাধ্য কৰাব পাৰে, ইয়াকে লৈ সচেতন মহলৰ মাজত চলিছে সৰৱ চৰ্চা ।
দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বিগত দুমাহ ধৰি চিকিৎসাধীন হৈ আছিল গৃহ সচিব শিলাদিত্য চেতিয়াৰ পত্নী আগমণি বৰবৰুৱা । বিগত তিনিদিন ধৰি তেওঁৰ অৱস্থা সংকটজনক অৱস্থাত আছিল । মঙলবাৰে বিয়লি ৪:৩০ বজাত আগমণি বৰবৰুৱাই শেষ নিশ্বাস ত্যাগ কৰাৰ খবৰটো আহি পৰিছিল । পূৰ্বৰে পৰা যেন সাজু হৈ আছিল শিলাদিত্য চেতিয়া ।
পত্নীৰ বিয়োগৰ পিচতে অকলশৰীয়া হৈ পৰা চেতিয়াই আই চি ইউৰ ভিতৰতে ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে । পলকতে শেষ হৈ গ'ল এটা পৰিয়াল । নিশাই জি এম চি এইচত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিচত সম্প্ৰতি নেমকেয়াৰৰ মৰ্গত ৰখা হৈছে দম্পতীটোৰ নশ্বৰ দেহ । আয়াৰলেণ্ড থকা শিলাদিত্যৰ ভগ্নী বৈশালী চেতিয়া আহি পোৱাৰ পিচতেই সম্পন্ন কৰা হ'ব দুয়োৰে শেষকৃত্য । শুকুৰবাৰেহে চেতিয়া দম্পতীৰ শেষকৃত্য সম্পন্ন হ'ব ।
২ টা দিন নেমকেয়াৰৰ মৰ্গতে থাকিব পতি-পত্নীৰ মৃতদেহ । ইতিমধ্যে শিলাদিত্য চেতিয়াৰ গুৱাহাটীত থকা পৰিয়ালে সাক্ষাৎ কৰে ডাঃ হিতেশ বৰুৱাক । পৰিয়ালৰ সৈতে আলোচনা কৰাৰ পিচত এই কথা নিশ্চিত কৰে নেমকেয়াৰ হাস্পতালৰ সঞ্চালক ডাঃ হিতেশ বৰুৱাই ।