সৰুপথাৰ, 5 আগষ্ট :কোৱাৰ্টাৰ ফাইনেলত চীনা প্ৰতিদ্বন্দ্বীৰ হাতত দেওবাৰে পৰাস্ত হয় অসম কন্যা লাভলীনা বৰগোঁহায়ে । চীনৰ লী কিয়ানৰ হাতত 4:1 ৰ ব্যৱধানত পৰাস্ত হয় অসম কন্যাগৰাকী । এই খেলখনত জিকিলেই পদক প্ৰায় নিশ্চিত আছিল লাভলীনাৰ । কিন্তু পৰাজয় বৰণ কৰি পেৰিছত অলিম্পিকত যাত্ৰাৰ অন্ত পৰিল অলিম্পিক বিজয়ীগৰাকীৰ ৷
কন্যাৰ এই প্ৰদৰ্শনত পিতৃয়ে কয়, "খেলত হৰা-জিকা আছেই, মই আগতেও কৈছো । লাভলীনাই নিজৰ 100 শতাংশ দি খেলিছিল যদিও লাভলীনাতকৈ লি কিয়ান যথেষ্ট সবল আছিল । মোৰ কন্যাই দুবাৰকৈ অলিম্পিকত অংশগ্ৰহণ কৰিছে তাৰ বাবে আমি সুখী । ভৱিষ্যতলৈ তাই ভাল প্ৰদৰ্শন কৰিব বুলি আমি আশাবাদী ৷" পিতৃ টিকেন বৰগোঁহায়ে লগতে লাভলীনাক হতাশ নহ’বলৈও আহ্বান জনায় ।
চীনৰ খেলুৱৈ লি কিয়ানৰ সৈতে যথেষ্ট প্ৰত্যাহ্বানমূলক খেলত অৱতীৰ্ণ হৈছিল লাভলীনা । বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ পৰা অলিম্পিকলৈ যাত্ৰা কৰিছিল অসম কন্যাগৰাকী । অসমৰ একমাত্ৰ খেলুৱৈ হিচাপে অংশ লৈছিল ধনশিৰিৰ জীয়ৰী লাভলীনাই । দুবাৰকৈ অলিম্পিক খেলাৰ সুযোগ লাভ কৰা অসম কন্যাগৰাকীৰ পৰা সকলোৱে পদক আশা কৰিছিল যদিও সেয়া স্তব্ধ হৈ পৰিল ।