মৰাণ :মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি গায়ন বায়নে আজিও সমাজত গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে । গায়ন-বায়ন অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সমূহে অমূল্য সম্পদ হিচাপে জীয়াই ৰাখিছে । গায়ন-বায়ন পৰিৱেশনত বাদ্য হিচাপে মৃদংগ ব্যৱহাৰ কৰিলে মৃদঙীয়া গায়ন-বায়ন বুলি কোৱা হয় ।
সময়ৰ লগে লগে মৃদঙীয়া গায়ন-বায়নৰ চৰ্চা কিছু হ্ৰাস পাই আহিছে যদিও কিছু সংখ্যকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে । বৰ্তমান এই পৰম্পৰা যাতে কেৱল নামঘৰ, সত্ৰতে সীমাবদ্ধ হৈ নাথাকে তাৰ বাবে চেষ্টা কৰিছে মৃদঙীয়া গায়ন বায়ন সংস্থাই । এই সংস্কৃতি নতুন প্ৰজন্মৰ মাজলৈ কঢ়িয়াই নিবলৈ গঠন হোৱা মৃদঙীয়া গায়ন বায়ন সংস্থাই বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত ।