অসম

assam

ETV Bharat / state

অকলশৰে থকা, সহজ সৰল শান্তিলালক ঘৰৰ ভিতৰতে হানি-খুচি হত্যা দুৰ্বৃত্তৰ - Murder in Behali - MURDER IN BEHALI

Murder case at Behali : সহজ সৰল, দিন হাজিৰা কৰি খোৱা ব্যক্তিক ঘৰৰ ভিতৰতে হত্যা দুৰ্বৃত্তৰ ৷ বিহালী সমষ্টিৰ বুৰৈ ঘাটৰ ননকে বিহমাৰী গাঁৱত নিশাৰ ভাগত দুৰ্বৃত্তই এজন লোকক নিজ ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

BEHALI MURDER CASE
নৃশংস হত্যাকাণ্ড (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 10:47 PM IST

বিশ্বনাথ, 21 জুলাই : বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈ ঘাটৰ 1 নং ননকে বিহমাৰীত নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড ৷ বিহালী সমষ্টিৰ বুৰৈ ঘাটৰ ননকে বিহমাৰী গাঁৱত নিশাৰ ভাগত দুৰ্বৃত্তই এজন লোকক নিজ ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পুৱাৰ ভাগত স্থানীয় লোকে তেজেৰে লুতুৰি পুতুৰি হৈ মজিয়াত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ব্যক্তিজনৰ মৃতদেহ ৷

দিন হাজিৰা কৰি খোৱা ব্যক্তিক ঘৰৰ ভিতৰতে হত্যা দুৰ্বৃত্তৰ (ETV Bharat Assam)

জানিব পৰা মতে অকলশৰে বসবাস কৰা শান্তিলাল শ্ৰেষ্ঠ নামৰ লোকজনক নিশাৰ ভাগত কোনো দুৰ্বুত্তই নিজ গৃহৰ ভিতৰতে হত্যা কৰি পেলাই থৈ যায় ৷ এই ঘটনা পোহৰলৈ আহে দেওবাৰে পুৱা 10 মান বজাত ৷ ব্যক্তিজন পুৱা ঘৰৰ পৰাই ওলাই নহাত কাষতে থকা ভাতৃয়ে খবৰ ল’বলৈ ঘৰলৈ গৈ মৃতদেহটো দেখা পাই ৷ লগে লগে স্থানীয় লোক আৰু পৰিয়ালে বিহালী আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷

ইয়াৰ পিচতে বিহালী আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উল্লেখযোগ্য যে অতি সহজ সৰল তথা দিন হাজিৰা কৰি খোৱা শান্তিলালক কোনে কি কাৰণত হত্যা কৰিলে তাকে লৈ আশ্বৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ইফালে ঘটনাস্থলীত বিশ্বনাথ জিলা উপ আৰক্ষী অধীক্ষককে ধৰি বিহালী আৰক্ষীৰ দল উপস্থিত হৈ কুকুৰৰ জৰিয়তে তদন্ত আৰম্ভ কৰিছে ৷ বৰ্তমান সময়লৈকে কোনো লোকক এই সন্দৰ্ভত আৰক্ষীয়ে আটক কৰা নাই ৷

লগতে পঢ়ক :মুকালমুৱা এনকাউন্টাৰ: আত্মৰক্ষাৰ বাবেহে নলবাৰী আৰক্ষীয়ে গুলীয়ালে ডকাইত হামিদ আলীক - POLICE FIRING IN NALBARI

ABOUT THE AUTHOR

...view details