গুৱাহাটী,২৪ মে':ৰাজ্যত অপৰাধজনিত ঘটনা ভয়ংকৰভাৱে বৃদ্ধি পাইছে ! নিতৌ পৰিয়ালকেন্দ্ৰিক সংঘৰ্ষৰ ঘটনা সংঘটিত হোৱা দেখা গৈছে । ইয়াৰ মাজতে গুৱাহাটীৰ মাজমজিয়াত নৃশংস ঘটনা । পুত্ৰৰ হাতত প্ৰাণ গ'ল ভৰত দাস নামৰ এজন লোকৰ । মহানগৰীৰ আনন্দ নগৰত সংঘটিত হৈছে এই ঘটনাটো । ঘটনাক কেন্দ্ৰ কৰি গুৱাহাটীৰ জাপৰিগোগত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পুত্ৰ জোন দাসক । পাৰিবাৰিক কন্দলৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ।
জানিব পৰা মতে দেওবাৰে এই ঘটনাটো সংঘটিত হৈছিল । অভিযোগ অনুসৰি পিতৃ ভৰত দাসে প্ৰায় সুৰাপান কৰি ঘৰত অশান্তিৰ সৃষ্টি কৰিছিল । সেইদিনাও মৃত ভৰত দাসে সুৰাপান কৰি আহি পত্নী আৰু পুত্ৰ জোনক আক্ৰমণ কৰিছিল । এনে কাৰ্যত অতিষ্ঠ হৈ পুত্ৰ জোনে পিতৃক ডিঙিত ফাঁচ লগাই হত্যা কৰাৰ অভিযোগ উঠিছে । পিচত অচেতন হৈ পৰা পিতৃক জিএমচিএইছলৈ প্ৰেৰণ কৰা হৈছিল । কিন্তু হাস্পতাল পোৱাৰ পূৰ্বে তেওঁৰ মৃত্যু হয় ।