মৰাণ, ৩ আগষ্ট :নাৰী নিৰ্যাতনক লৈ আৰক্ষী কঠোৰ হৈছে যদিও আজিও একাংশই শিক্ষা লোৱা নাই । ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ অহাৰ মাজতে ডিব্ৰুগড়ত সংঘটিত হ'ল এক জঘন্য ঘটনা । স্বামী পৰিয়ালৰ অকথ্য নিৰ্যাতনত বিবাহৰ ৫ মাহৰ পাচতে প্ৰাণ হেৰুৱালে এগৰাকী বোৱাৰীয়ে । এই অভিযোগ উত্থাপন কৰিছে মৃত ন-বোৱাৰীগৰাকীৰ পিতৃ পৰিয়ালে । ইয়াকে কেন্দ্ৰ কৰি ডিব্ৰুগড়ৰ বৰবাৰী আৰক্ষী চকী শনিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
উল্লেখ্য যে ঘটনা অনুসৰি ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ চেংধৰা গাঁৱৰ নিকুমণি সেনাপতি (২৫) নামৰ যুৱতীগৰাকী ৫ মাহ পূৰ্বে ডিব্ৰুগড়ৰ মিলন নগৰৰ জনচ গোহাঁই নামৰ যুৱকজনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । নিকুমণিৰ পিতৃ-মাতৃৰ অভিযোগ অনুসৰি বিয়াৰ কিছুদিনৰ পাচৰে পৰা তেওঁক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল স্বামী পৰিয়ালে । এইদৰে নিৰ্যাতনৰ চূড়ান্ত পৰ্যায় পাই অৱশেষত নিকুমণিয়ে মৃত্যুক সাৱতি লয় ।
শাৰীৰিক নিৰ্যাতনৰ অভিযোগ পিতৃ পৰিয়ালৰ :
নিকুমণিৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰি কয়," শুকুৰবাৰে অত্যাধিক মদ্যপান কৰি স্বামীয়ে ওৰে নিশা ন-বোৱাৰী গৰাকীক শাৰীৰিক নিৰ্যাতন চলায় । এই সমগ্ৰ কথা নিজৰ বায়েকক ফোনযোগে অৱগত কৰি পিতৃগৃহলৈ গুচি অহাৰ কথা জনাইছিল নিকুমণিয়ে । ভয়ংকৰ শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হৈ স্বাস্থ্যৰ অৱনতি ঘটাত পিতৃ পৰিয়ালে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে যদিও শনিবাৰে চিকিৎসা মহাবিদ্যালয়তে মৃত্যুক আঁকোৱালি লয় নিকুমণিয়ে ।"