গুৱাহাটী: এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গ'ল গুৱাহাটী মহানগৰী । হত্য়াকাণ্ড সংঘটিত কৰিয়েই স্বামীয়ে আৰক্ষীক খবৰ দিবলৈ উপস্থিত হয় আৰক্ষী থানাত । এই হত্য়াকাণ্ডটো সংঘটিত হোৱাৰ পিচত অভিযোগ-প্ৰতিঅভিযোগৰ মাজতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অভিযুক্তক । কি কাৰণে এই হত্য়াকাণ্ডটো সংঘটিত কৰিলে সেই বিষয়ে কেমেৰাৰ সন্মুখতেই স্বীকাৰ কৰিলে অভিযুক্তই ।
পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে কৰিলে হত্যা :
পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে হত্যা কৰিলে পত্নীক । এই অভিযোগ উত্থাপিত হৈছে যদিও ইয়াৰ আঁৰৰ ৰহস্য় এতিয়াও ভেদ হোৱা নাই । দেওবাৰে এই ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ উলুবাৰীৰ পাৰিবাৰিক আদালত পথৰ ১৮ নম্বৰ গৃহত । উত্থাপিত অভিযোগ অনুসৰি অভিযুক্ত গাড়ী চালক ৰুবুল শৰ্মাই ৰডৰে মৰিয়াই হত্যা কৰিলে পত্নী শ্ৰেয়া ভট্টাচাৰ্য শৰ্মাক । উলুবাৰীৰ ভাড়াঘৰত থকা ৰুবুল শৰ্মাই দেওবাৰে পত্নীক হত্যা কৰি পল্টন বজাৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে । দুবছৰীয়া এগৰাকী কন্যা সন্তানো আছে ৰুবুল আৰু শ্ৰেয়াৰ ।
কেনেকৈ সংঘটিত হয় ঘটনাটো ?
আৰক্ষীৰ ভাষ্য় অনুসৰি ৰুবুলে ৰডেৰে মাৰিওৱাৰ ফলত শ্ৰেয়াই মূৰৰ সোঁফালে পোৱা আঘাৰ বাবে মৃত্যু হয় । শ্ৰেয়াৰ পিতৃ-মাতৃ আৰু ভগ্নী একেটা ঘৰতে আছিল যদিও হত্যাকাণ্ড সন্দৰ্ভত তেওঁলোকে গমকে পোৱা নাছিল । শ্ৰেয়াৰ এগৰাকী আত্মীয়ই এই ঘটনা সন্দৰ্ভত কয় , "দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু ১৮ বছৰ সম্পূৰ্ণ নহওতে শ্ৰেয়াক বিয়া পাতিছিল । শ্ৰেয়াক আনুষ্ঠানিকভাৱে বিয়া পতা নাছিল । পৰিয়ালৰ লোকে আইনীভাৱে বিবাহপাশত আবদ্ধ হ'বলৈ কৈছিল যদিও ৰুবুল শৰ্মাই সেই কাম কৰা নাছিল । শ্ৰেয়াৰ লগত কেইদিনমান ভালে থাকে আৰু মাজে মাজে মাৰপিট কৰিছিল । বন্ধু-বান্ধৱীৰ লগতো যোগাযোগ কৰিব দিয়া নাছিল । ঘৰৰ পৰা বাহিৰলৈ যাব নিদিছিল । আৰ্থিকভাৱেও কোনো ধৰণৰ সহায় নকৰিছিল ৰুবুলে । পিতৃ-মাতৃয়ে শ্ৰেয়া আৰু শিশুটিক সহায় সহযোগ কৰিছিল। "
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি কয় ?