চৰাইদেউ : ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অসম-নাগালেণ্ডৰ সীমা সমস্যা সমাধান কৰি আন্তঃৰাজ্যিক সমস্যা সমাধানৰ বাবে চেষ্টা কৰাৰ সময়তে চৰাইদেউ জিলাৰ সোণাৰিত নাগালেণ্ডৰ নগা দুৰ্বৃত্তই সংঘটিত কৰিলে চাঞ্চল্যকৰ অপহৰণ কাণ্ড ।
ঐতিহাসিক চৰাইদেউ জিলাত নাগালেণ্ডৰ নগা দুৰ্বৃত্তৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পাইছে । নাগালেণ্ডৰ সীমান্তত চৰাইদেউ জিলাৰ গাঁওসমূহৰ ৰাইজৰ মাজত বিভিন্ন ধৰণে সন্ত্ৰাস চলাই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে নগা দুৰ্বৃত্তই ।
চৰাইদেউৰ নামতোলাত চাঞ্চল্যকৰ অপহৰণ কাণ্ড (ETV Bharat Assam) ইয়াৰ মাজতে চৰাইদেউৰ নামতোলাত নগা দুৰ্বৃত্তই অপহৰণ কৰে এজন অসমৰ ব্যৱসায়ীক । এই ঘটনাক লৈ চৰাইদেউৰ সোণাৰিৰ নামতোলাত চাঞ্চল্যৰ সৃষ্টি হৈছে । নিজৰ গেলামালৰ দোকানত বহি থকা অৱস্থাত নগা দুৰ্বৃত্তই অপহৰণ কৰে অসমৰ ব্যৱসায়ীগৰাকীক ।
অসমৰ ভূমিৰ পৰা নগা দুৰ্বৃত্তই অপহৰণ কৰি লৈ যায় মুছলেক আলী নামৰ ব্যৱসায়ীজনক । সন্ধিয়া নাগালেণ্ডৰ পৰা অহা এদল নগা দুৰ্বৃত্তই অসম-নগালেণ্ড সীমান্তৰ নামতোলা দলঙৰ পৰা অপহৰণ কৰি লৈ যায় ব্যৱসায়ীজনক । আনহাতে, ব্যৱসায়ীজনৰ দোকানৰ সন্মুখত এটা গ্ৰেণেডো এৰি যায় দুৰ্বৃত্তৰ দলটোৱে ।
ইফালে দোকানখনত থকা চিচি টিভি কেমেৰাত বন্দী হৈছে অপহৰণৰ সমগ্ৰ দৃশ্য । নগা দুৰ্বৃত্তই গুলীচালনা কৰি নাগালেণ্ডৰ পৰা আহি অসমৰ ভূমিত সংঘটিত কৰা এই কাৰ্যত সৃষ্টি হৈছে চাঞ্চল্যৰ ।
ঘটনাক সন্দৰ্ভত কি কয় অপহৃতৰ পৰিয়ালে
আনহাতে, ঘটনাটোৰ পাছতেই মুছলেক আলীৰ পত্নীয়ে সংবাদ মাধ্যমৰ আগত কয়, "সন্ধিয়া সময়ত এখন চুমু গাড়ীত আহিছিল দুৰ্বৃত্তৰ দলটো । বেক কৰি আনিছিল গাড়ীখন । ইয়াৰ পাছতে কেইবাজনো খৰধৰ কৈ দোকানৰ ভিতৰলৈ সোমাই আহি মাৰপিট কৰি মোৰ স্বামীক গাড়ীত ভৰাই লৈ যায় । এক জাঁই গুলী ফুটাই যায় দুৰ্বৃত্তৰ দলটোৱে । গাড়ীত উঠাৰ পূৰ্বে দুৰ্বৃত্তৰ দলটোৰ পৰা এটা গ্ৰেনেড আৰু কিছু সামগ্ৰী পৰি যায । দুৰ্বৃত্তই আগতে ধনদাবী কৰা নাছিল । কাৰো লগত কোনো কাজিয়াও নাছিল ।"