অসম

assam

ETV Bharat / state

নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ বিশাল ভাণ্ডাৰ জব্দ - MASSIVE WEAPONS CACHE RECOVERED

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মিয়াও-বিজয়নগৰ পৰা ২৭ মাইল দূৰত্বত নিৰাপত্তা বাহিনীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে ।

Massive weapons cache recovered
নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ বিশাল ভাণ্ডাৰ জব্দ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 28, 2024, 10:35 PM IST

তিনিচুকীয়া: স্পিয়াৰ কৰ্পছ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ তত্বাৱধানত নিৰাপত্তা বাহিনীয়ে চলোৱা এক সু-সমন্বিত আৰু সফল যৌথ অভিযানত চাংলাং জিলাৰ মিয়াও বিজয়নগৰৰ পৰা ২৭ মাইল দূৰত্বত অৱস্থিত নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এক বিশাল অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ জব্দ কৰা হয় । অসম ৰাইফলছ, সেনা আৰু চাংলাং জিলা আৰক্ষীয়ে চলোৱা যৌথ অভিযানৰ সময়ত উচ্চ প্ৰযুক্তিৰ ড্ৰোন, ট্ৰেকাৰ ডগ আৰু মেটেল ডিটেক্টৰৰ দৰে উন্নত প্ৰযুক্তিৰ বিভিন্ন সামগ্ৰী জব্দ কৰা হয় ।

এই অভিযানৰ সময়ত নামদফা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত মিয়াও - বিজয়নগৰ পথৰ ২৭ মাইল এলেকাত বিভিন্ন স্থানৰ পৰা মুঠ ১০টা এম কিউ, ৮১ চীনা মূলৰ এছাল্ট ৰাইফল আৰু টাইপ ৮১ এছাল্ট ৰাইফল উদ্ধাৰ কৰা হয় । উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰসমূহ গভীৰ বনাঞ্চলৰ ভিতৰত লুকুৱাই ৰখা হৈছিল । বিগত ছয়মাহে চাংলাং জিলাত থকা সক্ৰিয় বৃহৎ বিদ্ৰোহী সংগঠনসমূহে এই অস্ত্ৰসমূহ বিচাৰি তালাচী চলাই আছিল যদিও এই অস্ত্ৰসমূহ বিচাৰি উলিওৱাত ব্যৰ্থ হয় ।

প্ৰাপ্ত তথ্য অনুসৰি এই অস্ত্ৰসমূহ যোৱা বছৰ আত্মসমৰ্পণৰ পূৰ্বে কোনো উগ্ৰপন্থী গোটে লুকুৱাই ৰাখিছিল । নিৰাপত্তা বাহিনীয়ে নিজৰ বিশেষজ্ঞতা আৰু নিৰ্ভৰযোগ্য চোৰাংচোৱাৰ সহায় লৈ গভীৰ বনাঞ্চলত লুকাই থোৱা স্থান উন্মোচন কৰিবলৈ সক্ষম হৈছে । অভিযান চলোৱাৰ পূৰ্বে নিৰাপত্তা বাহিনীয়ে চৰাইৰ স্থান নিৰ্ধাৰণৰ বাবে জড়িত নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত উপস্থিত পৰ্যটকসকলক নিৰাপদ পথ নিশ্চিত কৰিছিল ।

এই অভিযানটো অতি পেছাদাৰীতা আৰু নিখুঁততাৰে চলোৱা হৈছিল, যাতে অস্ত্ৰৰ বিশাল ভাণ্ডাৰ বিদ্ৰোহীৰ হাতত নপৰে । বিভিন্ন বিদ্ৰোহী গোট, বিশেষকৈ এন এছ চি এম (আই এম) আৰু এন এছ চি এন (কে ৱাই এ)ৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীসমূহে ইতিমধ্যে বিভিন্ন তথ্য লাভ কৰিছে বুলি সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক:মণিপুৰত নিৰাপত্তা বাহিনীৰ তীব্ৰ অভিযান; জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

ABOUT THE AUTHOR

...view details