অসম

assam

ETV Bharat / state

জাগুনৰ ঘন জংঘলত সেনা-আৰক্ষীৰ অভিযান: লক্ষ্য আলফা(স্বাঃ) ৰ কূটাঘাত ৰোধ - Operation against ULFA I - OPERATION AGAINST ULFA I

78th Independence Day : দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তৎপৰ তিনিচুকীয়া জিলাত আৰক্ষী ৷ আলফা (স্বাধীন)ৰ এটা দলে কূটাঘাতৰ পৰিকল্পনা কৰাৰ তথ্য লাভ আৰক্ষীৰ ৷ কূটাঘাত ৰোধৰ বাবে ঘন জংঘলত সেনা-আৰক্ষীয়ে চলাইছে অভিযান ।

78th Independence Day
peration against ULFA I (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 8:23 PM IST

তিনিচুকীয়া, 11 আগষ্ট: অহা 15 আগষ্টত দেশে উদযাপন কৰিব 78 সংখ্যক স্বাধীনতা দিৱস ৷ কোনো অপশক্তিয়ে যাতে স্বাধীনতা দিৱস উদযাপনৰ সময়ত বিক্ষিপ্ত ঘটনা সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে সষ্টম হৈছে দেশৰ নিৰাপত্তা বাহিনীসমূহ ৷ অসম-অৰুণাচলৰ সীমান্ততো সষ্টম হৈ আছে ভাৰতীয় সেনা আৰু অসম আৰক্ষী ।

জাগুনৰ ঘন জংঘলত সেনা-আৰক্ষীৰ অভিযান (ETV Bharat Assam)

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তত আলফা (স্বাধীন)ৰ এটা 7 জনীয়া দলৰ অৱস্থানৰ তথ্য আৰক্ষীয়ে লাভ কৰাৰ পাছতে তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে অভিযান ৷ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙেও তিনিচুকীয়ালৈ আহি আৰক্ষী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ নিৰ্দেশ প্ৰদান কৰে সষ্টম হৈ থাকিবলৈ ৷ সমান্তৰালভাৱে উল্লেখ কৰিছিল আলফা (স্বাধীন)ৰ দলটোৱে কূটাঘাটৰ পৰিকল্পনা কৰি শিবিৰ পাতি থকাৰ কথা ।

ইয়াৰ পাছতে মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত বিদ্ৰোহী সংগঠনটোৰ কূটাঘাতমূলক কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে আছাম ৰাইফলছৰ সহযোগত আৰক্ষীয়ে অসম-অৰুণাচলৰ সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলৰ ঘন বনাঞ্চলত চলাইছে তীব্র অভিযান ।

উল্লেখ্য যে, বিগত সময়চোৱাত বিদ্ৰোহী সংগঠন আলফা (স্বাধীন) এ জাগুনৰ বিভিন্ন প্ৰান্তত গ্ৰেণেড বিস্ফোৰণ, সেনা জোৱানৰ ওপৰত গুলীবৰ্ষণ, অপহৰণ আদিৰ দৰে হিংসাত্মক ঘটনাসমূহ সংঘটিত কৰি আহিছে ৷ তাৰ পৰিপ্ৰেক্ষিতত 78 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ হিংসাত্মক তথা কূটাঘাতমূলক ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নিতৌ চলাই গৈছে উগ্ৰপন্থী বিৰোধী অভিযান ।

এই অভিযানৰ অংশ হিচাপে দেওবাৰে টিংকুপানী সংৰক্ষিত বনাঞ্চলতো সেনা-আৰক্ষীয়ে অভিযান তীব্রতৰ কৰি তোলা দেখা গৈছে । এই অভিযানক জাগুনস্থিত আছাম ৰাইফলছৰ সহযোগত নেতৃত্ব প্ৰদান কৰে মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক:নিৰ্দোষী মানুহৰ জীৱন লোৱাটো উচিত নহয়: শান্তি অটুট ৰক্ষাৰ বাবে আলফা স্বাধীনলৈ ডি জি পিৰ আহ্বান - GP Singh in Tinsukia

নিষিদ্ধ সংগঠনৰ কাৰ্যকলাপ সহ্য কৰা নহ'ব অসমত: জি পি সিং - ULFA I CADRE ARRESTED

ABOUT THE AUTHOR

...view details