অসম

assam

ETV Bharat / state

প্লাষ্টিকমুক্ত পৰিৱেশত দ্বিতীয় পবা বৰ্ষাৰণ্য মহোৎসৱ আৰম্ভ - POBA FESTIVAL 2025

চিৰ সেউজীয়া তৃণাঞ্চল, নদী, অৰণ্যৰ পৰা আৰম্ভ কৰি লতা-গুল্মজাতীয় ঘাঁহনি আদি উদ্ভিদেৰে আজিও পবা বনাঞ্চল সমৃদ্ধিশালী ।

2ND POBA FESTIVAL
দ্বিতীয় সংখ্যক পবা বৰ্ষাৰণ্য মহোৎসৱ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 7, 2025, 6:51 PM IST

জোনাই: মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত জোনাই সমজিলাৰ অন্তৰ্গত তিনিমাইল ঘাটৰ চিয়াং-লালী বালি চাপৰিত আজিৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে দ্বিতীয় সংখ্যক পবা বৰ্ষাৰণ্য মহোৎসৱ । জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল পবা অভয়াৰণ্যৰ লালী নদীৰ বালিচাপৰিত নৈসৰ্গিক সৌন্দৰ্যৰ মাজত আয়োজিত এই মহোৎসৱ তোৰণ মুকলিৰে আৰম্ভ হয় ।

মহোৎসৱস্থলী, গ্ৰন্থমেলাৰ দ্বাৰ, থলুৱা বস্ত্ৰ, হস্তশিল্প, থলুৱা খাদ্যমেলা, নৌকাবিহাৰ আৰু ৰাফটিং, চাইক্লিং, প্ৰকৃতি শিবিৰ আজি উদ্বোধন কৰা হয় ৷ ইয়াৰ পিছতে অনুষ্ঠিত হয় বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সন্মিলন আৰু যোগাসন, বিজ্ঞান আৰ্হি প্ৰদৰ্শন, ছাত্ৰ সংসদ, কবিতা আবৃত্তি আৰু সংগীতানুষ্ঠান ৷

দ্বিতীয় সংখ্যক পবা বৰ্ষাৰণ্য মহোৎসৱ (ETV Bharat Assam)

উল্লেখ্য় যে অভয়াৰণ্যখনিৰ সুৰক্ষাৰ লগতে গ্রাম্য় পর্যটন, ইক' ট্য়ুৰিজিমৰ সম্ভাৱনা আৰু প্রয়োজনীয়তা সম্পর্কে ৰাইজক সজাগ কৰা আৰু ভৱিষ্যৎ প্রজন্মৰ মানসিকতা পৰিৱেশ-প্রকৃতিমুখী কৰি তোলাৰ উদ্দেশ্য আগত ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে মিচিং স্বায়ত্তশাসিত পৰিষদে ৷

পবা কিয় বিখ্যাত ?

উল্লেখ্য যে ১৯২৪ চনত সংৰক্ষিত বনাঞ্চলৰূপে স্বীকৃতি লাভ কৰা উত্তৰ অসমৰ একমাত্র বর্ষাৰণ্য পবা বনাঞ্চলে ইতিমধ্যে এটা শতিকা সগৌৰৱেৰে সম্পূর্ণ কৰিবলৈ সক্ষম হৈছে । গোলকীয় উষ্ণতা, পৰিৱেশ প্রদূষণ আৰু অৰণ্য ধ্বংস কার্যই বিশ্বজুৰি বিষম পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তো চিৰ সেউজীয়া তৃণাঞ্চল, নদী, কাষৰীয়া অৰণ্যৰ পৰা আৰম্ভ কৰি লতা-গুল্মজাতীয় ঘাঁহনি আদি উদ্ভিদেৰে আজিও পবা বনাঞ্চল সমৃদ্ধিশালী ।

লুপ্তপ্রায় বর্ষাৰণ্যৰ হৃদপিণ্ড :

আপুৰুগীয়া চৰাই-চিৰিকটি, পখিলা, কীট-পতংগ, বিভিন্ন বন্যপ্রাণীৰ বিচৰণভূমি পবা । প্রাকৃতিকভাৱে সৃষ্ট বিশাল জলাশয়, পিতনিৰে ভৰপূৰ । চিয়াং, দিবাং, লোহিত আদি ব্রহ্মপুত্রৰ উৎস নৈসমূহৰ নৈসর্গিক বৈভৱেৰে সমৃদ্ধ । ইক'ট্য়ুৰিজিম, ৰাফটিং, বনভোজ, বৰশী বোৱা, নৌকা বিহাৰৰ বাবে ই আদর্শ ঠাই । পবাৰ দাঁতিকাষৰীয়া গাঁওসমূহত বসবাস কৰা বিশেষকৈ মিচিং জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, জীৱন-জীৱিকাও পৃথক সত্তাৰ চিনস্বৰূপ ।

চৰকাৰৰ পদক্ষেপ:

পবা বনাঞ্চলৰ অপৰিসীম গুৰুত্ব উপলব্ধি কৰি অসম চৰকাৰে ২০২৪ চনত বিধানসভাৰ শৰৎকালীন অধিবেশনত বনাঞ্চলখনিক বন্যপ্রাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছে । লগতে বন্যপ্রাণীৰ কৰিডৰৰূপে বিখ্যাত কবু চাপৰিকো অভয়াৰণ্যখনিত সাঙুৰি লৈছে । যাৰ পৰিপ্রেক্ষিতত অভয়াৰণ্যখনিৰ মাটিকালিৰ পৰিমাণ ২৫৭.২১ বর্গ কিলোমিটাৰলৈ সম্প্রসাৰিত হ'ল ।

তদুপৰি ডিব্রু-ছৈখোৱা ৰাষ্ট্রীয় উদ্যান আৰু অৰুণাচল প্রদেশস্থিত ডি ইৰিং বন্যপ্রাণী উদ্যানৰ বন্য জীৱ-জন্তু পবা বনাঞ্চললৈ অবাধে চলাচল কৰিবলৈ সুগম হ'ল । কিন্তু পৰিতাপৰ বিষয় যে বন ধ্বংসকাৰী আৰু চোৰাং চিকাৰীৰ প্রকোপত পবা বনভূমিৰ দৰে জৈৱ-বৈচিত্রতাৰে সমৃদ্ধিশালী অৰণ্যখনিৰ ভবিষ্যৎ বর্তমান বিপদাপন্ন ।

পবা মহোৎসৱ উদযাপনৰ মূল লক্ষ্য:

মিচিং স্বায়ত্তশাসিত পৰিষদে অভয়াৰণ্যখনিৰ সুৰক্ষাৰ লগতে গ্রাম্য পর্যটন, ইক'ট্য়ুৰিজিমৰ সম্ভাৱনা আৰু প্রয়োজনীয়তা সম্পর্কে ৰাইজক সজাগ কৰা আৰু ভৱিষ্যৎ প্রজন্মৰ মানসিকতা পৰিৱেশ-প্রকৃতিমুখী কৰিবলৈ এলানি পদক্ষেপ হাতত লৈছে ৷ এই প্ৰসংগত মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগুৱে কয়, "জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল জোনাইৰ পবা অভয়াৰণ্যৰ লালী নদীৰ বালিচাপৰিত নৈসৰ্গিক সৌন্দৰ্যৰ মাজত অনুষ্ঠিত কৰা দ্বিতীয় সংখ্যক পবা বৰ্ষাৰণ্য মহোৎসৱত পৰিৱেশ সজাগতাৰ বাবে কে'বাখনো আলোচনা চক্ৰ, জংঘল ট্ৰেকিং, নৌকা বিহাৰ, পৰম্পৰাগত খেল-ধেমালি, ফটোগ্ৰাফী, চিত্ৰাংকন, ৰচনা-তৰ্ক প্ৰতিযোগিতা, চৰাই নিৰীক্ষণ, কেম্প চাইট, জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য সম্ভাৰ উপলব্ধ । খাদ্য মেলাৰ বিপণিসমূহত সম্পূৰ্ণ প্লাষ্টিকমুক্ত কৰাৰ লগতে কেৱল থলুৱা মাছ-মাংস আৰু জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য উপলব্ধ হৈছে ৷ "

প্ৰকৃতি ৰক্ষাৰ মহোৎসৱ :

আন মহোৎসৱতকৈ এই পবা মহোৎসৱ হ’ব সম্পূৰ্ণ পৃথক ৷ প্ৰকৃতিৰ বুকুত পৰিৱেশ আৰু বন্যপ্ৰাণীৰ কোনো হানি নোহোৱাকৈ প্ৰকৃতিক কেনেকৈ ভাল পাব পাৰি তাৰে এক উদাহৰণ হ'ল এই পবা মহোৎসৱ ৷

ধেমাজিৰ একমাত্ৰ বনাঞ্চল :

পবা বনাঞ্চলে চৰকাৰী তথ্য মতে ১০,২২১ হেক্টৰ বনভূমি আগুৰি আছে । অৱশ্যে ধেমাজি জিলাত মুঠ ৯ খন সংৰক্ষিত বনাঞ্চল আৰু কবু চাপৰি নামে এখন প্ৰস্তাৱিত বনাঞ্চল আছে ৷ ইয়াৰে বাকী সংৰক্ষিত বনাঞ্চল কেইখনৰ মাটিকালি হ'ল গালী বনাঞ্চলত ১২,৯,২৩.৪৪ হেক্টৰ; জামজিং বনাঞ্চলত ৯,০৬০০ হেক্টৰ; চেঙাজান বনাঞ্চলত ১,৬,৮১.০০ হেক্টৰ; আৰচিয়াক ডিমৌ ৬,০৬২.০৫ হেক্টৰ; সোৱণশিৰি ১৭,৪,৬৫.২৬ হেক্টৰ; জীয়াঢল ১,৮,১৬ হেক্টৰ; চিচি ৯,০৬২.৫০ হেক্টৰ; চিমেন ৮,৮,১২.৫০হেক্টৰ আৰু প্ৰস্তাৱিত কবু চাপৰি ৯,৪০,০.০০ হেক্টৰ ৷ যদিও বৰ্তমান একমাত্ৰ পবা বনাঞ্চলখনহে জীয়াই আছে, বাকী সকলো জন অৰণ্যত পৰিণত হৈছে ।

লগতে পঢ়ক:প্ৰকৃতিৰ মনোৰম ভূমি পবা মহোৎসৱলৈ মাজত দুটা দিন; সাজু হৈ উঠিছে লালী নৈৰ বালি চাপৰি - POBA FESTIVAL 2025

ABOUT THE AUTHOR

...view details