নলবাৰী,২০ মাৰ্চ:বুধবাৰে নলবাৰী জিলা পুথিভঁৰালত অনুষ্ঠিত হয় কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহ । উক্ত সমাৰোহত উপস্থিত থাকে অসমৰ ৰাজ্যপাল তথা কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ আচাৰ্য গুলাবচান্দ কাটাৰীয়া । উক্ত সমাৰোহত ২০২০-২২ আৰু ২০২১-২৩ বৰ্ষত কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা ১১ গৰাকী শিক্ষাৰ্থীক এম.ফিল ডিগ্ৰী আৰু ৪৩১ গৰাকী শিক্ষাৰ্থীক স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰে ।
এই অনুষ্ঠানতে বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগৰ শ্ৰেষ্ঠ স্নাতকোত্তৰসকলক একোটাকৈ সোণৰ পদকো প্ৰদান কৰা হ'য় ৷ লগতে সংস্কৃত বিভাগৰ পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আৰ্থিকভাৱে পিচপৰা পৰিয়ালৰ মেধাসম্পন্ন দুগৰাকী ছাত্ৰীক ১০ হাজাৰ টকা 'ধ্ৰুৱনাৰায়ণ আৰু মাখনী গোস্বামী বৃত্তি' প্ৰদান কৰা হয় ৷ উক্ত অনুষ্ঠানটোত উপস্থিত থাকে শিক্ষাৰ্থী,অভিভাৱকসকলৰ লগতে বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদ আৰু শৈক্ষিক পৰিষদৰ সকলো সদস্যৰ লগতে নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকা ।