অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

শিক্ষা বিভাগৰ জাননী: পহিলা অক্টোবৰৰ পৰা পূৰ্বৰ দৰেই হ'ব পাঠদান - Guwahati Schools Opening Notice

Education department notice: কামৰূপ মহানগৰৰ শিক্ষানুষ্ঠানলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা শিক্ষা বিভাগৰ । ১ অক্টোবৰৰ পৰা পূৰ্বৰ স্বাভাৱিক সময়ৰ পৰা হ’ব পাঠদান । উৎকট গৰমৰ বাবে সলনি কৰা হৈছিল পাঠদানৰ সময় । পুৱা ৭:৩০ বজাৰ দুপৰীয়া ১২:৩০ বজালৈ পাঠদানৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল । পহিলা অক্টোবৰৰ পৰা পূৰ্বৰ সময়সূচী অনুসৰি হ'ব পাঠদান ।

School classes will be as per normal schedule from 1st October in Guwahati
শিক্ষা বিভাগৰ জাননী (ETV Bharat Assam)

গুৱাহাটী,২৮ ছেপ্টেম্বৰ: গুৱাহাটী মহানগৰীত বিদ্যালয়ৰ পাঠদানৰ সময়ক লৈ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । পহিলা অক্টোবৰৰ পৰা পূৰ্বৰ দৰে স্বাভাৱিক সময়ৰ পৰা হ'ব পাঠদান । উৎকট গৰমৰ বাবে শিক্ষা বিভাগে পাঠদানৰ সময় সলনি কৰিছিল । গৰমৰ প্ৰকোপ কমাত পুনৰ পূৰ্বৰ সময়ৰ দৰেই পাঠদান চলাই নিয়াৰ নিৰ্দেশ দিছে শিক্ষা বিভাগে । এই সন্দৰ্ভত সৰ্বশিক্ষা অভিযান মিছনৰ কামৰূপ মহানগৰ জিলাৰ মিছন আহ্বায়ক তথা স্কুল পৰিদৰ্শকে জাৰি কৰিছে জাননী ।

জাননী যোগে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী পূৰ্বৰ দৰে চলাই নিয়াৰ নিৰ্দেশ দিয়াৰ লগতে ২০ ছেপ্টেম্বৰত দিয়া জাননী বাতিল কৰিছে । উল্লেখ্য যে প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ বাবে ২০ ছেপ্টেম্বৰত সৰ্বশিক্ষা অভিযান মিছনৰ কামৰূপ মহানগৰ জিলাৰ জিলা মিছন আহ্বায়ক তথা বিদ্যালয় পৰিদৰ্শকে এখন জাননী জাৰি কৰি বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰিছিল ।

পহিলা অক্টোবৰৰ পৰা পূৰ্বৰ দৰেই হ'ব পাঠদান (ETV Bharat Assam)

পুৱা ৭.৩০ বজাৰ পৰা পাঠদান আৰম্ভ কৰি ১২.৩০ বজালৈকে তথা ১২.৩০ বজাৰ ভিতৰত সমাপ্ত কৰাৰ নিৰ্দেশ দিয়া হৈছিল । সকলো চৰকাৰী, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছিল । সেই নিৰ্দেশনা ২১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী কৰা হৈছিল । কিন্তু তাৰ পাছতো প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰি তোলাত ২৪ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ গুৱাহাটীৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছিল সৰ্বশিক্ষা অভিযানে ।

ইয়াৰ পিছত গৰমৰ প্ৰকোপ কিছু কমাত পুনৰ ২৫ ছেপ্টেম্বৰৰ পৰা বিদ্যালয় খোলাৰ বাবে জাননী জাৰি কৰে বিভাগীয় কৰ্তৃপক্ষই । ২৪ ছেপ্টেম্বৰত এদিনৰ বাবে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহ বন্ধ ৰখা হৈছিল । কিন্তু পাঠদানৰ সময়সূচী ২০ ছেপ্টেম্বৰত জাৰি কৰা জাননী অনুসৰি চলি আছিল । অৱশেষত সেই জাননী বাতিল কৰা হয় । পহিলা অক্টোবৰৰ পৰা পূৰ্বৰ সময়সূচী অনুসৰি বিদ্যালয়ৰ পাঠদান চলিব ।

লগতে পঢ়ক:মঙলবাৰৰ পৰা ৪ দিনৰ বাবে গুৱাহাটীৰ সকলো বিদ্যালয় বন্ধ ঘোষণা - Assam Heat Wave

Heatwave in Assam: গুৱাহাটী মহানগৰীত পুনৰ পুৱা ৭-৩০ বজাৰ পৰা হ’ব বিদ্যালয়ৰ পাঠদান

বুধবাৰৰ পৰা গুৱাহাটীৰ সকলো বিদ্যালয় খোলাৰ নিৰ্দেশ - Guwahati Schools Opening Notice

ABOUT THE AUTHOR

...view details