অসম

assam

অৱশেষত আছুৰ পৰা অব্যাহতি ঘোষণা শংকৰজ্যোতি বৰুৱাৰ - AASU GS SANKOR JYOTI RESIGN

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 2:51 PM IST

Updated : Sep 12, 2024, 4:01 PM IST

Sankor Jyoti Baruah quit AASU GS : সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা বিদায় ল’লে শংকৰজ্যোতি বৰুৱাই ৷ সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰে আছুৰ বিদায়ী সাধাৰণ সম্পাদকগৰাকীয়ে ৷

Sankor Jyoti Baruah Quit AASU GS
অৱশেষত আছু পৰা অব্যাহতি ঘোষণা শংকৰজ্যোতি বৰুৱাৰ (ETV Bharat)

গুৱাহাটী, ১২ ছেপ্টেম্বৰ :অৱশেষত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি ল’লে শংকৰজ্যোতি বৰুৱাই । বৃহস্পতিবাৰে সামাজিক মাধ্যমযোগে অব্যাহতি গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে প্ৰেম-প্ৰতাৰণাৰ বিতৰ্কত সাঙোৰ খাই পৰা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

অৱশেষত আছুৰ পৰা অব্যাহতি ঘোষণা শংকৰজ্যোতি বৰুৱাৰ (ETV Bharat)

সামাজিক মাধ্যম ফেচবুকত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই স্ব-ইচ্ছাই সন্থাৰ মজিয়াৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰে ৷

তেওঁ কয়, “শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াত আমাৰ সন্দৰ্ভত এক বিতৰ্কৰ সৃষ্টি হৈছে । এই বিতৰ্কৰ সত্য-সত্যতা যদিও ন্যায়ালয়ত প্ৰমাণ হ’ব ৷ তথাপিও ব্যক্তিগতভাৱে জনাব বিচাৰো যে মই সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা সাধাৰণ সম্পাদক হিচাপে স্ব-ইচ্ছাই অব্যাহতি গ্ৰহণ কৰিছো । ক্ষন্তেক পিছতে কেন্দ্ৰীয় সমিতিলৈ মোৰ অব্যাহতি পত্ৰ প্ৰেৰণ কৰিম ৷ আজিৰ এই মুহূৰ্তলৈকে আপোনালোকে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে সকলোৰে ওচৰত কৃতজ্ঞ হৈ ৰ’ম ৷”

লগতে পঢ়ক :সংগঠনৰ স্বাৰ্থত অব্যাহতি লওক শংকৰজ্য়োতি বৰুৱাই: আছুৰ শীৰ্ষ নেতৃত্বৰ পৰামৰ্শ - Sankor Jyoti Baruah in controversy

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে এগৰাকী যুৱতী ছাত্ৰীৰ সৈতে প্ৰেম-বিচ্ছেদ-প্ৰতাৰণাৰ অভিযোগত এক বিতৰ্কত সাঙোৰ খাই পৰিছিল আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা । অভিযোগ মতে, শংকৰজ্যোতি বৰুৱাৰ সৈতে প্ৰেম-বিচ্ছেদৰ মানসিক চাপ সহ্য কৰিব নোৱাৰি যুৱতীগৰাকীয়ে অত্যধিক টেবলেট সেৱন কৰিছিল ৷ যাৰ বাবে GMCH ত চিকিৎসাধীন হ’বলগীয়া হৈছিল যুৱতীগৰাকী ৷

ইয়াৰ পাছতেই যুৱতীগৰাকীয়ে ছাত্ৰনেতাজনৰ বিৰুদ্ধে আনিছিল কেতবোৰ বিস্ফোৰক অভিযোগ ৷ আনকি যুৱতীগৰাকীয়ে আৰক্ষীৰ ওচৰত এই সন্দৰ্ভত গোচৰো দাখিল কৰিছিল ৷ পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ পৰা আগতীয়া জামিন লৈ যুৱতীগৰাকীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্ক আৰু বিচ্ছেদৰ কথা স্বীকাৰ কৰে আছুৰ সাধাৰণ সম্পাদকজনে ।

শংকৰজ্যোতি বৰুৱাৰ এই প্ৰেম বিতৰ্কই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । যিটো আছুৰ বাবে সন্মানত এক ডাঙৰ প্ৰশ্ন হৈ পৰে ৷ আনকি আছুৰ প্ৰাক্তন নেতা লুৰীণজ্যোতি গগৈ, তুলাৰাম গগৈকে ধৰি প্ৰাক্তন আছু নেতায়ো শংকৰজ্যোতি বৰুৱাক পদৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ দিছিল ।

আছুৰ দুই শীৰ্ষ নেতাৰ লগতে মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ পৰামৰ্শ সাৰোগত কৰি অৱশেষত আজি আছুৰ মজিয়াৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰে শংকৰজ্যোতি বৰুৱাই ।

লগতে পঢ়ক :প্ৰেমৰ সম্পৰ্ক থকাটো স্বীকাৰ কৰিছো, যুৱতীগৰাকীৰ স্বাস্থ্যক লৈও ময়ো চিন্তিত : শংকৰজ্যোতি বৰুৱা - Sankor Jyoti Baruah

Last Updated : Sep 12, 2024, 4:01 PM IST

ABOUT THE AUTHOR

...view details