অসম

assam

ETV Bharat / state

চামগুৰি উপ-নিৰ্বাচন: কোন গৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা কিমান, কোন কিমান ধনৱান ?

Bye Election 2024: চামগুৰিত তিনিগৰাকী কোটিপতি প্ৰাৰ্থীৰ বিৰুদ্ধে অৱতীৰ্ণ হাজাৰপতি প্ৰাৰ্থী । স্নাতকোত্তৰ ডিগ্ৰীধাৰীৰ বিপৰীতে বিধায়ক হোৱাৰ সপোন দেখিছে নৱম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে ।

Bye Election 2024
চামগুৰি উপ-নিৰ্বাচন:প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা কিমান, কোন কিমান ধনৱান (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 31, 2024, 7:42 AM IST

নগাঁও :প্ৰাক্তন প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনৰ লগতে বিজেপিৰ শক্তিশালী প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনে ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে । ইফালে আম আদমি পাৰ্টীৰ আন এগৰাকী প্ৰভাৱশালী নেতা নুৰুল আমিন চৌধুৰীয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ লগে লগে সমষ্টিটো আৰু অধিক চৰ্চিত হৈ পৰিছে । সমষ্টিটোৰ উপ-নিৰ্বাচনত অৱতীৰ্ণ হোৱা কংগ্ৰেছ, বিজেপি আৰু আম আদমি পাৰ্টীৰ তিনিওগৰাকী প্ৰাৰ্থীয়ে কোটিপতি বুলি মনোনয়নৰ সৈতে দাখিল কৰা শপতনামাত উল্লেখ কৰিছে ।

কিন্তু এই তিনিগৰাকী কোটিপতি প্ৰাৰ্থীৰ বিৰুদ্ধে সাহসেৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে হাজাৰপতি আৰু অতি সাধাৰণ প্ৰাৰ্থীও । গুৰুগ্ৰামত সম্পত্তি থকা প্ৰাৰ্থীৰ বিপৰীতে ঘৰ-বাৰী বুলিবলৈ একোৱেই নথকা প্ৰাৰ্থীও নিৰ্বাচনত অৱতীৰ্ণ হৈ অধিক আকৰ্ষণীয় কৰি তুলিছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন ।

১১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ :

সমষ্টিটোৰ উপ-নিৰ্বাচনৰ বাবে ২৫ অক্টোবৰতে অন্ত পৰিছে মনোনয়ন দাখিল পৰ্ব । মুঠ ১৪ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰা মনোনয়ন পৰীক্ষাৰ অন্তত তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হোৱাৰ বিপৰীতে ১১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন গ্ৰহণ কৰা হয় । ৩০ অক্টোবৰত মনোনয়ন প্ৰত্যাহাৰৰো অন্ত পৰে যদিও কোনো এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰা নাই । যাৰ ফলত চামগুৰি সমষ্টিটোৰ উপ-নিৰ্বাচনত মুঠ ১১ গৰাকী প্ৰাৰ্থীৰ মাজত হ'ব যুঁজ । নিৰ্বাচনত অৱতীৰ্ণ হোৱা ১১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩ গৰাকী কোটিপতি প্ৰাৰ্থীৰ বিপৰীতে আছে হাজাৰপতি প্ৰাৰ্থীও ।

প্ৰাৰ্থীৰ সম্পত্তি আৰু শিক্ষাগত অৰ্হতা :

চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ হাৰিয়ানাৰ গুৰুগ্ৰামত মাতৃৰ সৈতে অংশীদাৰিত্বত এটা ঘৰ আছে বুলি উল্লেখ আছে মনোনয়নৰ সৈতে দাখিল কৰা শপতনামাত । তেওঁৰ মুঠ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৩ কোটি ১২ লাখ ৫৮ হাজাৰ ৩১৮ টকা । আনহাতে বিভিন্ন বেংকত থকা ঋণ আদিকে ধৰি দায়বদ্ধতাৰ পৰিমাণ হৈছে ১ কোটি ৪১ লাখ ৯০ হাজাৰ ৪৯২ টকা । অৰ্থাৎ এক কথাত এগৰাকী কোটিপতি প্ৰাৰ্থী ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন ।

সমষ্টিটোৰ আন এগৰাকী কোটিপতি প্ৰাৰ্থী হৈছে বিজেপিৰ দিপ্লু ৰঞ্জন শৰ্মা । তেওঁৰ নিজৰ নামৰ বিপৰীতে থকা স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ১ কোটি ৯১ লাখ ২৪ হাজাৰ ২৪৬ টকা । বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানত বিজেপি প্ৰাৰ্থীজনৰ নামৰ বিপৰীতে থকা ঋণ অথবা দায়বদ্ধতাৰ পৰিমাণ হৈছে ৭২ লাখ ৫৪ হাজাৰ ৫০৮ টকা ।

একেদৰে আম আদমি পাৰ্টীৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীও এগৰাকী কোটিপতি প্ৰাৰ্থী । আপৰ প্ৰাৰ্থীগৰাকীৰ নামৰ বিপৰীতে থকা মুঠ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩ কোটি ৬৩ লাখ ৬৫ হাজাৰ ৬৪৬ টকা ।

এই তিনিগৰাকী কোটিপতি প্ৰাৰ্থীৰ বিপৰীতে সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত নিৰ্দলীয় প্ৰাৰ্থী ফাতেমা বেগমৰ ঘৰ-মাটি একোৱেই নাই বুলি শপতনামাৰ তথ্যত প্ৰকাশ কৰা হৈছে । নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ বেংকত কেৱল ৫ হাজাৰ টকা থকাৰ বিপৰীতে হাতত জমা আছে ৪৫ হাজাৰ টকা । আনহাতে নিৰ্দলীয় প্ৰাৰ্থী ফাতেমা বেগমৰ শিক্ষাগত অৰ্হতা মাত্ৰ নৱম শ্ৰেণীলৈকেহে ।

ইফালে শশী তাঁতী নামৰ নিৰ্দলীয় প্ৰাৰ্থীজনৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৫৫ হাজাৰ টকা । তেওঁৰ হাতত জমা ৫০ হাজাৰ টকা থকাৰ বিপৰীতে বেংকত ৫ হাজাৰ টকা আছে । শশী তাঁতীৰো স্থাৱৰ সম্পত্তি নাই । তেওঁ সৰ্বোচ্চ শিক্ষা হৈছে স্নাতক ডিগ্ৰীধাৰী । জেহিৰুল ইছলাম নামৰ নিৰ্দলীয় প্ৰাৰ্থীজনৰ অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৪৫ হাজাৰ টকা । তেওঁৰ হাতত জমা আছে ৪০ হাজাৰ টকা । বেংকত আছে মাত্ৰ ৫ হাজাৰ টকা । তেওঁৰ স্থাৱৰ সম্পত্তিৰ মূল্য শূন্য । প্ৰাৰ্থীজনৰ সৰ্বোচ্চ শিক্ষা হৈছে স্নাতক ডিগ্ৰীধাৰী ।

ইয়াৰ বিপৰীতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা আব্দুছ চবুৰ মিঞাও ছ'চিয়েলিষ্ট ইউনিটী চেণ্টাৰ অৱ ইণ্ডিয়াৰ (কমিউনিষ্ট) ৰ পৰা অৱতীৰ্ণ হৈছে চামগুৰি উপ-নিৰ্বাচনত । সমষ্টিটোৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে চৰ্চিত হোৱা বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা নগাঁও মহাবিদ্যালয়ৰ পৰা বাণিজ্য শাখাৰ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ শিক্ষাগত অৰ্হতা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ।

উল্লেখ্য যে, চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত স্নাতকোত্তৰ ডিগ্ৰীধাৰী প্ৰাৰ্থীৰ বিপৰীতে মাত্ৰ নৱম শ্ৰেণীলৈকে শিক্ষাগত অৰ্হতা থকা প্ৰাৰ্থীয়ে এইবাৰ সপোন দেখিছে বিধায়ক হোৱাৰ ।

লগতে পঢ়ক :চামগুৰি উপ-নিৰ্বাচনত কোন কোন প্ৰাৰ্থীৰ বাতিল হ'ল মনোনয়ন ?

ৰকিবুলৰ লগত থকা কোনে ৰাখে অবৈধ মাৰণাস্ত্ৰ ?

ABOUT THE AUTHOR

...view details