গুৱাহাটী, ৯ জুলাই : ৰাজ্যৰ মন্ত্ৰী-বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ লগতে প্ৰাক্তন মন্ত্ৰী-বিধায়কসকলৰ পেঞ্চন বৃদ্ধিৰ বাবে গ্ৰহণ কৰা হৈছে উদ্যোগ ৷ এইক্ষেত্ৰত লোৱা হৈছে প্ৰস্তাৱ ৷ এই প্ৰস্তাৱ অনুসৰি মন্ত্ৰী-বিধায়কৰ দৰমহা ৫০ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ প্ৰস্তাৱক লৈ বিধানসভাই গঠন কৰি দিছে এখন তিনিজনীয়া দৰমহা আয়োগ ৷ মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ সন্দৰ্ভত তিনিজনীয়া আয়োগখনে এমাহৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন ৷ এই আয়োগখনে দেশৰ আন ৰাজ্যৰ মন্ত্ৰী-বিধায়কসকলৰ দৰমহাৰ খতিয়ান ল’ব ৷
আয়োগখনৰ প্ৰথমখন বৈঠক ইতিমধ্যে বিধানসভাৰ জি এন বি ব্লিডিঙত অনুষ্ঠিত হৈ যায় ৷ বিধানসভাৰ আগন্তুক অধিৱেশনত আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ উত্থাপন কৰা হ'ব ৷ প্ৰস্তাৱ পাৰিত হ'লে মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধিৰ উপৰিও প্ৰাক্তন মন্ত্ৰী-বিধায়কৰো পেঞ্চন বৃদ্ধি পাব ৷ এই তিনিজনীয়া দৰমহা আয়োগত আছে প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব হিমাংশু শেখৰ দাস, বিধানসভাৰ প্ৰাক্তন প্ৰধান সচিব হেমেন দাস আৰু বিধানসভাৰ যুটীয়া সচিব ৰাজীৱ ভট্টাচাৰ্য ৷
উল্লেখ্য যে, ২০১৮ চনত শেষবাৰৰ বাবে মন্ত্ৰী-বিধায়কসকলৰ দৰমহা বৃদ্ধি পাইছিল ৷ সেইসময়ত বিধানসভাত বিধেয়কৰ জৰিয়তে বিধায়কসকলৰ মূল দৰমহা ৮০ হাজাৰ টকা কৰাৰ বাবে প্ৰস্তাৱ কৰা হৈছিল ৷ তদুপৰি বিধায়কসকলৰ সমষ্টিৰ ভাট্টা, বিধায়কৰ সচিবৰ ভাট্টা, বিধানসভাৰ বৈঠক আৰু কমিটীৰ সভাৰ দৈনিক ভাট্টা আদিও বৃদ্ধি কৰা হৈছিল ৷ তদুপৰি প্ৰাক্তন বিধায়কসকলৰ পেন্সন আৰু চিকিৎসা ভাট্টাও বৃদ্ধি কৰাৰ প্ৰস্তাৱ বিধেয়কত দাখিল কৰা হৈছিল ৷