তেজপুৰ: ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো ৰাষ্ট্ৰই শিশু দিৱস হিচাপে উদযাপন কৰাৰ শুভক্ষণত বৃহস্পতিবাৰে অসমৰ এগৰাকী স্বনামধন্য শিশু সাহিত্যিক ৰঞ্জু হাজৰিকাক প্ৰদান কৰা হয় ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা । সাহিত্য অকাডেমিৰ অধ্যক্ষ ড৹ মাধৱ কৌশিকে এই বঁটা তেওঁক আনুষ্ঠানিকভাৱে প্ৰদান কৰে ।
এই উপলক্ষে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ গোমতি নগৰৰ ভাগিদাৰী ভৱনত শিশু দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্য অকাডেমিৰ অধ্যক্ষ ড৹ মাধৱ কৌশিকে দেশৰ ২৪ গৰাকী শিশু সাহিত্যিকৰ লগতে শিশু সাহিত্যিক ৰঞ্জু হাজৰিকাক 'বিপন্ন বিস্ময় খেল' গ্ৰন্থখনৰ বাবে ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে ।
একেটা অনুষ্ঠানতে ২০২৪ বৰ্ষৰ বড়ো ভাষাৰ শিশু সাহিত্য অকাডেমি বঁটাৰ বাবে নিৰ্বাচিত অসমৰ শিশু সাহিত্যিক ভাৰ্জিন জেক'ভা মুছাহাৰীকো সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । অনুষ্ঠানত সাহিত্য অকাডেমিৰ সচিব ড৹ কে শ্ৰীনিবাসন ৰাও প্ৰমুখ্যে বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে ।