অসম

assam

ETV Bharat / state

আবেগ দেখুৱাই জয়ী হোৱাৰ সপোন দেখিছে গৌৰৱ গগৈয়ে: ৰূপজ্য়োতি কুৰ্মী - Lok Sabha Election 2024

Lok Sabha Election 2024: যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈক সুৰক্ষা দিবলৈ গৈ অখিল গগৈক অশোভনীয় মন্তব্য বিধায়ক ৰূপজ্য়োতি কুৰ্মীৰ । বাদ নিদিলে গৌৰৱ গগৈৰ পত্নীকো । ইংৰাজী হিন্দীৰ ৰাজনীতি নাৰ্ছাৰীৰহে ৰাজনীতি, বিধায়কৰ মুখত এয়া শোভা নাপায় বুলি মন্তব্য কুৰ্মীৰ ৷

Rupjyoti Kurmi's indecent remarks supporting Tapan Gogoi
তপন গগৈক সমৰ্থন কৰি অশোভনীয় মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 6:58 PM IST

তপন গগৈক সমৰ্থন কৰি অশোভনীয় মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ

যোৰহাট,১৯ মাৰ্চ: সততে বিৰ্তকৰ আৱৰ্তত সোমাই থকা মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ নাম নোলোৱাকৈ আক্ৰমণ লক্ষ্য কৰি লয় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক । বিগত বিধানসভা নিৰ্বাচনত সহায় কৰা বীৰ লাচিত সেনা, উজনি অসম মুছলিম পৰিষদ আৰু আহোম সেনাকে ধৰি আৰু পাঁচটা সংগঠনে অখিল গগৈক জয়ী কৰোৱাত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিছিল, কিন্তু সেই সংগঠনে অখিল গগৈক বৰ্তমান বৰ্জন কৰিছে বুলি উল্লেখ কৰে কুৰ্মীয়ে ।

যদি বৰ্তমান ৰূপজ্যোতি কুৰ্মী অথবা এজন সাংবাদিকেও শিৱসাগৰৰ পৰা নিৰ্বাচন খেলে তেতিয়া জয়ী হ'ব আৰু অখিল গগৈ বিধ্বস্ত হ'ব । আনহাতে অখিল গগৈক আক্রমণৰ লক্ষ্য কৰি লোৱাৰ পিচত পুনৰ ৰূপজ্যোতিৰ টাৰ্গেট হৈ পৰে যোৰহাট লোকসভা সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ । তেওঁ কয় নগাঁও আৰু কাজিৰঙাত পৰাস্ত হোৱাৰ ভয়ত গৌৰৱে আবেগ দেখুৱাই যোৰহাট লোকসভা সমষ্টিৰ পৰা জয়ী হোৱাৰ আশাত প্ৰাৰ্থিত্ব আগবঢ়াইছে ।

সকলো সীমা অতিক্ৰম কৰি মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গৌৰৱ গগৈপন্থীকো আক্ৰমণৰ লক্ষ্য কৰি লয় । লগতে বিধায়ক কুৰ্মীয়ে পুনৰ কয় যে যি কুকুৰে ভুকে তাৰ কাম নাই, নিবোকা কুকুৰহে মানুহ কামোৰে । আনহাতে অখিল গগৈয়ে সোমবাৰে সাংসদ তপন কুমাৰ গগৈয়ে হিন্দী আৰু ইংৰাজী শিকিবলৈ ২০ বছৰ সময় লাগিব বুলি কৰা মন্তব্য প্ৰত্যুত্তৰ দি কুৰ্মীয়ে কয় ইংৰাজী হিন্দীৰ ৰাজনীতি নাৰ্ছাৰীৰহে ৰাজনীতি, বিধায়কৰ মুখত এয়া শোভা নাপায় ।

লগতে তপন কুমাৰ গগৈৰ পত্নীয়ে অসমীয়া ক'ব জানে, কিন্তু গৌৰৱ গগৈৰ পত্নীয়ে অসমীয়া ক'ব নাজানে বুলি তুচ্ছ তাচ্ছিল্য কৰে বিধায়ক কুৰ্মীয়ে । ইফালে অখিল গগৈক অলগদ্ধ আৰু অকমৰ্ণ্য আখ্যা দিয়ে মৰিয়নীৰ বিধায়কগৰাকীয়ে । এতিয়া ৰূপজ্যোতি কুৰ্মীয়ে আগৱঢ়োৱা মন্তব্যৰ প্ৰত্যুত্তৰ অখিল গগৈ আৰু গৌৰৱ গগৈয়ে কিদৰে দিয়ে সেয়া সময়তহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক:আঢ়ৈ লাখ ভোটৰ ব্যৱধানত পৰাজিত হ'ব গৌৰৱ গগৈ :পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details