কাজিৰঙা:অহা ৩১ অক্টোবৰত চৰ্দাৰ বল্লৱভাই পেটেলৰ জন্মদিন ৷ এই দিনটোত দেশবাসীয়ে উদযাপন কৰে 'ৰাষ্ট্ৰীয় একতা দিৱস' হিচাপে ৷ ২০১৪ চনৰ পৰা উদযাপন কৰা ৰাষ্ট্ৰীয় একতা দিৱস পিচে এইবাৰ দুদিন আগতীয়াগৈ উদযাপন কৰা হৈছে ৷ ইয়াৰ লগত সংগতি ৰাখি মঙলবাৰে কাজিৰঙাত অনুষ্ঠিত কৰা হয় 'একতাৰ বাবে দৌৰ' শীৰ্ষক সমূহীয়া দৌৰ ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ উদ্যোগত উদযাপন কৰা হয় এই সমূহীয়া দৌৰৰ কাৰ্যসূচী ৷ 'একতাৰ বাবে দৌৰ' আৰম্ভ কৰা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ মূল প্ৰৱেশদ্বাৰ মিহিমুখত ৷ কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলত সম্পন্ন হোৱা এই সমূহীয়া দৌৰ কাৰ্যসূচী পতাকা জোকাৰি মুকলি কৰে পূৱ-অসম বন্যপ্ৰাণী প্ৰাধিকাৰী অৰুণ বিঘ্নেশে ৷
বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ সভাপতি স্বপন নাথ, কাৰ্যকৰী সভাপতি তথা কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহা, সাংগঠনিক সম্পাদক চন্দন নাথ, কাৰ্যকৰী সদস্য শৈলেন ডেকা, ভাস্কৰ্য শিল্পী পাপু ঘোষ, কবি গীতিৰেখা দত্ত, কাজিৰঙা বনাঞ্চলৰ বনবিষয়া ড° বিভূতি ৰঞ্জন গগৈ, আৰণ্যকৰ সমন্বয়ক আৰিফ হুছেইন, জ্যেষ্ঠ সাংবাদিক নীলপদ্ম শৰ্মা, পি এম শ্ৰী কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ প্ৰধান শিক্ষক ভূৱন খতিয়ৰা, এফ পি এফৰ জোৱান, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, বনকৰ্মী, দ্য কৰবেট ফাউণ্ডেশ্যন আদিয়ে এই দৌৰত অংশগ্ৰহণ কৰে ।