অসম

assam

ETV Bharat / state

এ পি ডি চি এলত বৃহৎ কেলেংকাৰী : বিদ্যুতৰ খুঁটা পোতাৰ নামত হাজাৰ কোটিৰ লুণ্ঠন - Scam in APDCL - SCAM IN APDCL

Scam in APDCL : এ পি ডি চি এলত সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰী । বিদ্যুতৰ খুঁটা পোতাৰ নামত শ শ কোটি টকা সৰকাইছে বহিঃৰাজ্যৰ ঠিকাদাৰী প্ৰতিষ্ঠানে । আৰ টি আই কৰ্মী দিলীপ নাথৰ চাঞ্চল্যকৰ অভিযোগ ।

Scam in APDCL
এ পি ডি চি এলত বৃহৎ কেলেংকাৰীৰ অভিযোগ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 5:54 PM IST

লখিমপুৰ, ২২ জুলাই :অসম শক্তি বিতৰক কোম্পানী চমুকৈ এ পি ডি চি এলত সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰী । বিদ্যুতৰ খুঁটা পোতাৰ নামত দুহেজাৰ কোটিৰো অধিক টকা লুটিছে বহিঃৰাজ্যৰ কোম্পানীয়ে । দুখনকৈ আঁচনিৰ অধীনত বিদ্যুতৰ খুঁটা পোতাৰ নামত এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে । এই অভিযোগ আৰ টি আই কৰ্মী দিলীপ নাথৰ । সোমবাৰে লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত দিলীপ নাথে তথ্যসহকাৰে এই অভিযোগ উত্থাপন কৰে ।

এ পি ডি চি এলৰ কেলেংকাৰী সন্দৰ্ভত আৰ টি আই কৰ্মী দিলীপ নাথৰ সংবাদমেল সম্বোধন (ETV Bharat Assam)

উল্লেখ্য, ৰাজ্যত ২০২১ বৰ্ষৰ পৰা এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক আৰু ৰিভামপেড ডিষ্ট্ৰিবিউচন ছেক্টৰ স্ক্ৰীমৰ অধীনত নতুনকৈ বিদ্যুতৰ খুঁটা পোতাৰ কাম আৰম্ভ কৰা হৈছে । লখিমপুৰ জিলাত কলকাতাৰ লেজাৰ পাৱাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডে এ আই আই বি আঁচনিৰ খুঁটা পোতাৰ ঠিকা লাভ কৰিছে । তেনেদৰে আৰ ডি এছ এছ আঁচনিত জিলাখনত বিদ্যুতৰ খুঁটা পোতাৰ ঠিকা লাভ কৰিছে হায়দৰাবাদৰ গোৰীকৃষ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডে ।

এ আই আই বি আঁচনিৰ অধীনত নতুনকৈ পোতা খুঁটাসমূহ শিল-বালি-চিমেণ্ট অৰ্থাৎ কংক্ৰিটৰ । আনহাতে, আৰ ডি এছ এছ আঁচনিৰ অধীনত নতুনকৈ পোতা খুঁটাসমূহ হৈছে ষ্টীলৰ । কিন্তু কোম্পানী দুটাই খুঁটা পোতাৰ নামত কেলেংকাৰী সংঘটিত কৰিছে । এই খুঁটাসমূহ পোতাৰ ক্ষেত্রত বিজুলী ভৱনৰ পৰা অনুমোদিত নক্সা অনুসৰি কাম নকৰি কোটি কোটি টকা লুণ্ঠন কৰিছে বুলি অভিযোগ উত্থাপন কৰে আৰ টি আই কৰ্মীগৰাকীয়ে ।

ঠিকাদাৰী প্ৰতিষ্ঠানে খুঁটা পোতাৰ ক্ষেত্রত বিজুলী ভৱনৰ অনুমোদিত নিয়ম উলংঘা কৰিছে । পকী খুঁটা পোতাৰ ক্ষেত্রত তলত পকী প্লেট বহুওৱা, বিভাগীয় নিৰ্দেশনা অনুসৰি দকৈ খন্দা গাঁতটো চিমেণ্ট-বালিৰ মিশ্রণেৰে পূৰ কৰা আদি কামবোৰ কৰা নাই । আনহাতে, ষ্টীলৰ খুঁটা পোতাৰ ক্ষেত্রতো গাঁতত চিমেণ্ট-বালিৰ মিশ্রণ দিয়া নাই । লোকক দেখুৱাৰ বাবে কেৱল খুঁটাৰ মাটিৰ ওপৰ অংশত চিমেণ্ট-বালিৰ সামান্য তৰপ এটা দি চকুত ধূলি মাৰিব খোজা হৈছে ।

বিভাগীয় নিয়ম অনুসৰি, গাঁতবিলাক যিমান পৰিমাণে বহল আৰু দকৈ খান্দি চিমেণ্ট-বালিৰ মিশ্রণ দিয়া বা পকী প্লেট বহুওৱা হয়, সেইবোৰ একো কৰা নাই । ট্ৰেক্টৰৰ ড্ৰিল মেচিনৰ সহায়ত একোটা সাধাৰণ গাঁত খান্দি খুঁটাসমূহ পোতাৰ ব্যবস্থা কৰিছে । বিভাগীয় অভিযন্তাক হাত কৰি ঠিকাদাৰী প্ৰতিষ্ঠানে খুঁটা পোতাৰ নামত এনেদৰে বিভাগীয় নিয়ম উলংঘা কৰি হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ দিলীপ নাথৰ ।

উল্লেখ্য যে লখিমপুৰ জিলাতে এনেদৰে পুতিবলগীয়া খুঁটাৰ সংখ্যা প্ৰায় ২৯ হেজাৰ । গতিকে সমগ্র ৰাজ্যৰ ক্ষেত্ৰত যদি এইটো হিচাপ কৰা হয়, তেন্তে এনে খুঁটা পোতাৰ নামত দুহেজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে । ইফালে ঠিকাদাৰী প্ৰতিষ্ঠানে খুঁটা পোতাৰ সময়ত যে নিয়মানুযায়ী শিল-বালিৰ মিশ্রণ দিয়া নাই সেই কথা বন বিভাগৰ তথ্যতো স্পষ্ট হৈ পৰিছে । কিয়নো বিদ্যুতৰ খুঁটা পোতাৰ বাবে গাঁতত দিবলগীয়া শিল-বালি সংগ্রহৰ বাবে সংশ্লিষ্ট জিলাখনৰ বন বিভাগৰ পৰা ঠিকাদাৰী প্ৰতিষ্ঠানে অনুমতি লোৱাৰ কোনো তথ্য নাই বুলি বন বিভাগে প্ৰকাশ কৰিছে ।

এই কথাই খুঁটা পোতাৰ সময়ত গাঁতত শিল-বালি নিদিয়াৰ কথা স্পষ্ট কৰি তুলিছে । সংবাদমেলত এই অভিযোগ কৰি আৰ টি আই কৰ্মী দিলীপ নাথে হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন কৰা এই কেলেংকাৰীৰ বিৰুদ্ধে এক তদন্তৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্রীক আহ্বান জনায় ।

লগতে পঢ়ক :লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ ৰায়দান: ৰাকেশ পালসহ ৩২ জন দোষী সাব্যস্ত - APSC Scam
লগতে পঢ়ক :শিক্ষকৰ হেমাহিৰ বাবেই বন্ধ হোৱাৰ দিশে এখন চৰকাৰী বিদ্যালয় ! - Irregular attendance of teacher

ABOUT THE AUTHOR

...view details