গোলাঘাট, 17 জুন : 18 জুনত গুৱাহাটীৰ মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ বিজয়ী প্ৰাৰ্থীসকলৰ এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে অসম নাগৰিক সমাজ আৰু নাগৰিকত্ব সংশোধনী আইন বিৰোধী সমন্বয় সমিতিয়ে ৷ এই অনুষ্ঠানতে বিৰোধী ঐক্য মঞ্চৰ পৰাজিত হোৱা প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ, মীৰা বৰঠাকুৰ আৰু হাফিজ ৰচিদ আহমেদ চৌধুৰীক বিজেপিৰ বিৰুদ্ধে বীৰত্বপূৰ্ণ যুঁজ দিয়াৰ বাবে সম্বৰ্ধনা জনাব বুলি উল্লেখ কৰিছে অনুষ্ঠান দুটাই ৷ যাক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই অনুষ্ঠানলৈ নিমন্ত্ৰণ নোপোৱা বিৰোধী মিত্ৰজোঁট তথা কংগ্ৰেছ প্ৰাৰ্থীয়ে ৷
এই সন্দৰ্ভত কংগ্ৰেছ নেতা দীপ বায়নৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলিনা তিৰ্কীয়ে ৷ কংগ্ৰেছ নেত্ৰী ৰ'জলিনা তিৰ্কীয়ে কয়- "কোনোবা সংগঠনে কাৰোবাক সম্বৰ্ধনা জনাব তাত ক’বলগীয়া একো নাই ৷ ৰাইজে জানে 2024ৰ লোকসভা নিৰ্বাচনত মই সন্মুখৰ পৰা যুঁজত অৱতীৰ্ণ হৈছিলো ৷ অসমৰ 14খন আসনত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ লগতে মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে কাজিৰঙা লোকসভা সমষ্টিত বিজেপি দলৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছিলো ৷ 2007 চনৰ পৰা পৰা মই যুঁজ দি আহিছো ৷"