অসম

assam

ETV Bharat / state

আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ লওঁতেই গুলীবিদ্ধ দুধৰ্ষ ডকাইত - Police firing in Barpeta

Barpeta police encounter : বৰপেটাত এনকাউন্টাৰ ৷ বৰপেটাত আৰক্ষীৰ গুলীত আহত এটা দুধৰ্ষ ডকাইত ৷ নাম মগৰব আলী ৷ আনহাতে এই ঘটনাত নোমল গোঁহাই নামৰ এজন আৰক্ষী কনিষ্টবলো আহত হৈছে ৷

Barpeta police encounter
আকৌ গৰজিল অসম আৰক্ষীৰ বন্দুক (ETV Bharat)

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 10:49 AM IST

বৰপেটা, ২৯ আগষ্ট :আকৌ গৰজিল অসম আৰক্ষীৰ বন্দুক ৷ এইবাৰৰ স্থান বৰপেটা ৷ তথ্য অনুসৰি, বৰপেটা আৰক্ষীৰ গুলীত আহত হৈছে এটা দুধৰ্ষ ডকাইত ৷ ডকাইতটোৰ নাম মগৰব আলী বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰ গৰৈমাৰী পথাৰ গাঁৱত ঘৰ অভিযুক্ত মগৰব আলীৰ ।

ঘটনাৰ বিৱৰণি অনুসৰি, বৰপেটাৰ সনকুছি কলনিৰ ATM ত লুটৰ এটা ঘটনাৰে জড়িত থকাৰ অভিযোগতে মগৰব আলীক বুধবাৰে বৰপেটা আৰক্ষীয়ে আটক কৰে ৷ তাৰ পাচতে আৰক্ষীৰ জেৰাত অভিযুক্ত ডকাইতটোৱে ATM ৰ ধন লুট কৰি ক’ত লুকুৱাই ৰাখিছিল সেই স্থান দেখুৱাবলৈ ৰাজী হৈছিল ৷

আৰক্ষীয়েও কথা মতে ধৃত মগৰব আলীক লৈ উক্ত স্থানলৈ যায় ৷ কিন্তু চেগ বুজি এগৰাকী আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে ধৃত মগৰবে ৷ তেতিয়াই আৰক্ষীয়ে ধৃত মগৰবক উদ্দেশ্যি গুলীচালনা কৰে ৷ আৰক্ষীৰ গুলীয়ে মগৰবৰ বাঁও ভৰিত আঘাত কৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় ধৃত মগৰব ৷

লগতে পঢ়ক :কি আদালত কি আৰক্ষী, অসমত এতিয়া ড৹ শৰ্মাই সকলো : অখিল গগৈৰ কটাক্ষ - Akhil Gogoi slams government

ইফালে আৰক্ষীৰ জিম্মাৰ পৰা মগৰবে পলায়নৰ চেষ্টা কৰাৰ সময়তে গুৰুতৰভাৱে আহত হয় এগৰাকী কনিষ্টবলো ৷ আহত কনিষ্টবলগৰাকীৰ নাম নোমল গোঁহাই ৷ সম্প্ৰতি আৰক্ষী কনিষ্টবলগৰাকীৰ লগতে গুলীবিদ্ধ ধৃত মগৰব আলী বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন স্থানত চুৰি আৰু ডকাইতিকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্যত মগৰব আলী জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ এই চুৰি আৰু ডকাইতিকাণ্ডৰ সংক্ৰান্তত ৰাজ্যৰ কেবাখনো থানাত মগৰবৰ বিৰুদ্ধে ৰুজু হৈ আছে অপৰাধমূলক গোচৰ । বৰ্তমান মগৰব আলী আৰক্ষীৰ জিম্মাত থকা বুলি জানিব পাৰি স্বস্তিৰ নিশ্বাস এৰিয়ে ৰাইজে ৷

ইফালে বৰপেটাত সংঘটিত হোৱা এই গুলীচালনাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কোনো কথা প্ৰকাশ কৰা নাই ৷

লগতে পঢ়ক :মুকালমুৱাৰ ডকাইতিকাণ্ড: আৰক্ষীৰ গুলীত আহত ডকাইত হামিদ আলী - POLICE FIRING IN NALBARI

ABOUT THE AUTHOR

...view details